Breaking

বাক্সাৰ জালাহত স্থাপন হ’ব বড়োলেণ্ড গ্ৰাম্য উদ্যোগ কেন্দ্ৰ – প্ৰমোদ বড়ো…

0 75

“বাক্সা জিলাৰ জালাহত বডোলেণ্ড গ্ৰাম্য উদ্যোগ কেন্দ্ৰ এটি আমি আৰম্ভ কৰিম। ইয়াৰ লগতে ড০ ভূপেন হাজৰিকাৰ প্ৰকল্প এটা আছেই। আৰু জালাহ বি বি কিষাণ মহাবিদ্যালয়ৰ বিভিন্ন উন্নয়নৰ কাম আমি হাতত লৈছো।” বাক্সা জিলাৰ জালাহত ১০ দিনীয়াকৈ চলি থকা ৯৪ সংখ্যক শ্ৰীশ্ৰীলক্ষ্মী পূজা উদযাপন স্থলীত কালি সন্ধিয়া বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োই ইয়াত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে। বিটিআৰ প্ৰধান বড়োই জালাহত আৱশ্যক হৈ থকা ড্ৰেইনৰ পৰা স্মশাণলৈকে অভাৱৰ কথা ব্যক্ত কৰি এই সমস্যা সমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জালাহ আঞ্চলিক শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰত উপস্থিত হৈ ইয়াৰ আন্তৰ্গাঠনি উন্নয়নৰ বাবে বিটিচি উন্নয়ন পুঁজিৰ পৰা ৫০ লাখ টকাৰ আঁচনি এটিৰো ঘোষণা কৰে। আমাৰ অঞ্চলেই হ’ল গ্ৰামাঞ্চল বুলি উল্লেখ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই পুনৰ কয়, “ইয়াত আমি খেতি বাতি কৰো। আমাৰ জীৱিকাই হ’ল খেতি।

খেতি কৰাৰ পিছত সকলোৱে লক্ষ্মী পূজা কৰে আৰু বড়ো সকলে মাইনাও পূজা কৰে। ইয়াৰ জড়িয়তেই উপাৰ্জন যাতে ভাল দৰে হয় তাৰ বাবে মা লক্ষ্মীক প্ৰাৰ্থনা কৰে। পূজাৰ জড়িয়তে মিলা প্ৰীতি ভাৱ বিনিময় কৰা হয়।” বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োক সংগ দিয়ে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু পাৰিষদ মন্টু বড়োৱে।

Leave A Reply