Breaking

হাজোৰ অপহৃত ছাত্ৰৰ মৃতদেহ পুঠিমাৰী নৈৰ পাৰত উদ্ধাৰ

0 1,163

কামৰূপ জিলাৰ হাজোৰ এজন অপহৃত ছাত্ৰৰ মৃতদেহ পুঠিমাৰী নৈৰ পাৰত উদ্ধাৰ হোৱা এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে। অপহৰনৰ এদিন পিছত মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰ জন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত একাদিৰ মগুৰ আলীৰ পুত্ৰ তথা  দক্ষিণ শিংৰা কোৱৰপুৰ আঞ্চলিক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰফিকুল ইছলাম(১৬) আৰু অপহৰন কৰি মুক্তিপন নিদিয়াৰ বাবে নৃশংস ভাৱে হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা পাচ নৰপিশাচ হৈছে হাজো- একাদিৰ লাডেন ওৰফে আজিজুৰ ৰহমান (২১) আৰু চুমন ওৰফে ছফিকুল হ’ক(২২),ৰঙিয়া-কত্তাখাটৰ আচিফ আলী(২১),ৰঙিয়া- কেন্দুকোনাৰ তফিকুল ইছলাম(২১)আৰু বৰশিলৰ ৰাহুল আলী(২২)। ঘটনা সংক্ৰান্তত জানিব পৰা মতে,যোৱা ১৫ মে’ৰ সন্ধিয়া পিতৃৰ সৈতে একাদি চ’ক- বজাৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি নিজ গৃহলৈ যাবলৈ ওলোৱা মূহুৰ্ততে এখন চাৰিচকীয়া বাহন তেওঁৰ ওচৰত ৰয় আৰু ৰফিকুল ইছলাম নামৰ ছাত্ৰ জনক উঠাই লৈ যায়। এই ঘটনা পিতৃয়ে প্ৰত্যক্ষ কৰে যদিও কোনো বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা বুলি ভাৱিছিল যদিও নিশা ঘৰলৈ উভতি আহি নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

ইয়াৰ পিছত ওচৰ-চুবুৰীয়া, ইষ্ট-কুটুমৰ ওচৰত সা-খবৰ কৰি কোনো সম্ভেদ নোপোৱাত ১৬ মে’ৰ পুৱা পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেনে সময়তে ছাত্ৰ ৰফিকুল ইছলামৰ মোবাইল ফোনৰে কোনো অচিনাক্ত দূৰ্বৃত্তই তেওঁক অপহৰন কৰাৰ কথা অৱগত কৰি মুক্তিপন দহ লাখ টকা দাবী কৰি দিনৰ বাৰ বজাত আদায় দিবলৈ কয় আৰু পিছত পুনৰ ফোন কৰি তিনি বজাৰ ভিতৰত ফোন যোগে যোগাযোগ কৰি আদায় দিবলৈ কয়। এই ঘটনাৰ পিছতে ৰফিকুল ইছলাম অপহনকাৰীৰ কবলত পৰাৰ কথা জ্ঞাত হৈ পৰিয়ালৰ লোক অধিক চিন্তিত হৈ আৰক্ষীৰ ওচৰ চাপে। ততালিকে হাজো আৰক্ষীয়ে মোবাইলৰ লোকেচন উলিয়াই পাচ অপহৰনকাৰী ক্ৰমে হাজো-একাদিৰ লাডেন ওৰফে আজিজুৰ ৰহমান, চুমন ওৰফে ছফিকুল হ’ক, ৰঙিয়া-কৰ্ত্তাখাটৰ আচিফ আলী, কেন্দুকোনাৰ তফিকুল ইছলাম আৰু বৰশিলৰ ৰাহুল আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু পাচ অপহৰনকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰৰ পুঠিমাৰী নৈৰ পাৰত অপহৃত ৰফিকুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনা সদৰী হোৱাৰ পিছত মৃত ৰফিকুল ইছলামৰ পৰিয়ালত এক শোকাকুল পৰিবেশে সৃষ্টি কৰে। ইপিনে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে একাদিৰ প্ৰায় ডেৰ শতাধিক স্থানীয় লোকে হাতে হাতে প্লেকাৰ্ড লৈ ৰফিকুল ইছলামৰ হত্যাকাৰীৰ ফাচীৰ দাবীত হাজো আৰক্ষী থানাৰ সমীপত এক উত্তাল পৰিবেশ সৃষ্টি কৰে আৰু ছব্বিশ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাত আৰক্ষীৰ শলাগ লয়।

Leave A Reply