Breaking

বৰক্ষেত্ৰীৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

0 1,029

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত টুলুঙা নাওৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হবলৈ গৈ সন্ধানহীন হৈ পৰিছিল ৩৫ বছৰীয়া এজন যুৱক৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাংনামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ছৈয়েদ আলী চৰত সংঘটিত হৈছিল এই কৰুণ ঘটনাটো ৷ পত্নীৰ স’তে টুলুঙা নাৱেৰে নৈ পাৰ হ‌বলৈ ধৰোতে নাৱৰ পৰা পৰি সন্ধানহীন হৈছিল যুৱকজন। ভাংনামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন দাস ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ SDRF আৰু NDRF বাহিনীক খবৰ দিছিল ৷

যুৱকজন ভাংনামাৰী নিবাসী কালু মিঞাৰ জ্যেষ্ঠ পুত্ৰ ফাইজুৰ ৰহমানৰ সন্ধানত নামি পৰিছিল স্থানীয় ৰাইজৰ লগতে SDRF ,NDRF বাহিনীয়ে। আজি ৰাতিপুৱা ভাগত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

Leave A Reply