Breaking

কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড়ৰ মৃতদেহ উদ্ধাৰ

0 2,076

 দ্ৰুতগতিত উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বান পৰিস্থিতি। পূৰ্বৰ তুলনাত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস হৈছে যদিও আজি পুৱা এক গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই। কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন সুৰক্ষা শিৱিৰৰ অন্তৰ্গত এলেকাৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ মৃতদেহটো এজনী মাইকী গঁড় বুলি সদৰি কৰিছে বুলি জনাইছে কৰ্তৃপক্ষই। অৱশ‍্যে গঁড়ৰ খৰ্গটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে। চাৰি-পাঁচ দিনৰ আগতেই মৃত‍্যু হোৱা বয়স্ক গঁড়জনী বানৰ কৱলত পৰি প্ৰাকৃতিকভাবেই মৃত‍্যু হৈছে বুলি অৱগত কৰিছে। ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত উদ্ধাৰ কৰা গঁড়ৰ মৃতদেহটো আজি পুৱা পথৰ দাঁতিৰ পৰা আঁতৰাই নিয়ে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই।

আনাহাতে, ক্ৰমাৎ উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি৷ তথাপি কিন্তু বহু জীৱ জন্তুৱে এতিয়াও ওখ ঠাইত আশ্ৰয় লৈ আছে বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বানৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱ-জন্তুৱে খাদ্যৰ সন্ধানত কাৰ্বি আংলং পাহাৰৰ ওপৰত আশ্ৰয় লয়৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানে অব্যাহত আছে যান বাহনৰ নিয়ম মাফিক সময় নিৰ্ধাৰিত চলাচল।

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ ২৩৩ টা বন শিবিৰৰ ভিতৰত ৫০ টা বন শিবিৰ সম্পূৰ্ণ জলমগ্ন অৱস্থাত আছিল। কিন্তু বৰ্তমান পৰিস্থিতি উন্নত হৈছে। ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত বৰ্তমানলৈকে আজি উদ্ধাৰ হোৱা গঁড়টোৰ সৈতে ১৯ টা জীৱ-জন্তুৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছে আৰু দুটা উদ্ধাৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে৷ ভদীয়া বানৰ কৱলত উদ্ধাৰ হোৱা গঁড় পোৱালিটো পাণবাৰী শিবিৰত চিকিৎসাধীন হৈ আছে।

একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭ টা আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা অগৰাতলীৰ ৩৬ টা বন শিবিৰৰ ৮ টা পানীৰ কৱলত পৰিছিল৷ লগতে কঁহৰাৰ ৪৯ টা বন শিবিৰৰ ১৮ টা, বাগৰিৰ ৩৮ টা শিবিৰৰ ভিতৰত ১৯ টা, বুঢ়াইফালে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৩৪ টা বন শিবিৰৰ ভিতৰত ৩ টা সম্পূৰ্ণ ৰূপে জলমগ্ন হৈছিল যদিও এতিয়া পানী শুকাইছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍্যালয়ৰ দ্বাৰ মুকলি। ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ সপ্তম সংযোজনৰ অন্তৰ্গত বান্দৰডুবি এলেকাত নৱ-নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍্যালয়ৰ দ্বাৰ মুকলি অনুষ্ঠান সম্পন্ন হয়। চোৰাং চিকাৰীৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানখনৰ গঁড়ৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ‍্য ৰাখি এই কাৰ্য‍্যালয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

বুধবাৰে খণ্ড বন বিষয়াৰ কাৰ্য‍্যালয়ৰ আনুষ্ঠানিকভাবে দ্বাৰ মুকলি কৰে ভাৰতীয় বন সেৱাৰ মুখ‍্য বন‍্যপ্ৰাণী অধ‍্যক্ষ, অসমৰ মহেন্দ্ৰ কুমাৰ যাদৱে।
চাৰি বছৰৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নির্দেশ যোগে কলিয়াবৰ ৰাজহ চক্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত থকা বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচূৰৰ ১৬ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাবলৈ নিৰ্দেশ দিছিল। এই উচ্ছেদিত ভূমি পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ সপ্তম সংযোজনৰ বাবে কলিয়াবৰ ৰাজ‍হ চক্ৰই ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষক অৰ্পণ কৰে‌।
এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰাষ্ট্ৰীয় উদ‍্যানৰ এই সংযোজনে পৰ্য‍্যটকসকলৰ লগতে সংস্থাপনৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে মহেন্দ্ৰ কুমাৰ যাধৱ তথা পি. শিৱকুমাৰে।
যোৱা বছৰ এই এলেকাটো পৰীক্ষামূলকভাৱে পৰ্য‍্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।
কাৰ্য‍্যালয় উদ্বোধনী অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ তিৰোভাৱ তিথি উপলক্ষে শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল‍্যাৰ্পণ কৰে অভ‍্যাগতসকলে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰঃয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ, বন বিষয়া ৰমেশ কুমাৰ গগৈ উপস্থিত থাকে।

Leave A Reply