Breaking

তিনি দিনৰ মূৰত তামুলপুৰত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

0 104

তামুলপুৰত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ ।তিনি দিনৰ মূৰত আজি পানী জুৱলিত ভাঁহি উঠে মৃতদেহটো। তামুলপুৰৰ বান পৰিস্থিতিৰ ভয়াবহতাৰ মাজতে ১৭ জুন তাৰিখৰ সন্ধিয়াৰ ভাগত তামুলপুৰ জিলা সদৰৰ কচুবাৰীৰ সৌৰাগুৰীত এগৰাকী মেধাবী ছাত্ৰ পানীত পৰি অদ্যাপি সন্ধানহীন হৈ আছিল ।

জানিব পৰা মতে তামুলপুৰৰ ভকতপাৰা গাঁও নিবাসী দিলীপ দে’ৰ জ্যেষ্ঠ পুত্ৰ তথা মেধাবী ছাত্ৰ দেৱজিত দে’ ই আন দুজন বন্ধুৰ লগত এখন স্কুটীৰে তামুলপুৰৰ বানগুৰিৰ পৰা তামুলপুৰ অভিমুখে আহি আছিল। স্কুটীখনে কচুবাৰী তামুলপুৰ সংযোগী পথৰ সৌৰাগুৰি পথৰ কেঁকুৰী এটাত নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুৎৰ খুটাত খুন্দা মাৰি পথৰ কালভাৰ্ট এটাৰ তলত পৰি যায়।

তিনিও গৰাকী কিশোৰক পানীৰ প্ৰবল সোঁতে উটুৱাই লৈ যায়। পিছত স্থানীয় লোকে দুজন কিশোৰ ছাত্ৰক উদ্ধাৰ কৰে যদিও দেৱজিত দে’ সন্ধানহীন হৈ আছিল।আজি ৰাতিপুৱা পথচাৰি কেইজনমানে এটি মৃত দেহ দেখি তামুলপুৰ আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি দেৱজিত দে’ৰ মৃত দেহ বুলি জানিবলৈ দিয়ে।

Leave A Reply