Breaking

গাড়ী দুৰ্ঘটনাত দেহৰক্ষী! খবৰ পাই ততাতৈয়াকৈ চিকিৎসালয়লত উপস্থিত অভিনেতা কাৰ্তিক আৰিয়ান…

0 22

শেহতীয়াকৈ এক গাড়ী দুৰ্ঘটনাত আহত হৈছে অভিনেতা কাৰ্তিক আৰিয়ানৰ দেহৰক্ষী। এই খবৰ লাভ চিকিৎসালয়লত উপস্থিত অভিনেতা কাৰ্তিক আৰিয়ান। বলীউডৰ এই প্ৰজন্মৰ অন্যতম নায়ক কাৰ্তিক আৰিয়ান। ‘ভূল ভুলাইয়া ২’ৰ সফলতাৰ পিছত কাৰ্তিকে শিৰোনাম দখল কৰে। অৱশ্যে যোৱা বছৰৰ আৰম্ভণিতে কাৰ্তিকৰ ছবি ‘শ্বেহজাদা’ ফ্লপ হৈছিল। অৱশ্যে ‘সত্যপ্ৰেম কি কথা’ ছবিখন লৈ কাৰ্তিক পুনৰ চৰ্চালৈ আহিছিল। ছাৰা আলী খানৰ সৈতে বিচ্ছেদ হোৱাৰ পিছৰে পৰা কাৰ্তিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু এইবাৰ তেওঁ প্ৰসংসা পাত্ৰ হোৱাৰ কাৰণ বেলেগ। শেহতীয়াকৈ কাৰ্তিকৰ দেহৰক্ষীজন গাড়ী দুৰ্ঘটনাত পতিত হৈছিল। সংকটজনক অৱস্থাত তেওঁক মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হয়। এই খবৰ পাই কাৰ্তিক ততাতৈয়াকৈ চিকিৎসালয়লৈ যায়। ডাক্তৰৰ লগতো নিজেই কথা পাতে কাৰ্তিকে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি দেহৰক্ষীজন ভৰ্তি হোৱা কেইটামান দিনত কাৰ্তিকে প্ৰতিদিনে প্ৰায় এবাৰ তেওঁৰ ওচৰলৈ গৈছিল।


Leave A Reply