Bohag Bihu: বিহুৰ নামত এয়া কি, কোম্পানীৰ হাতত বিক্ৰী গ’ল নেকি অসমৰ সংস্কৃতি ?

বিহু অসমীয়াৰ প্ৰাণ৷ তাহানিৰ দিনৰে পৰা(Bohag Bihu)গছৰ তলত অসমীয়া জনতাই বিহু উদ্‌যাপন কৰি আহিছে ৷ মঞ্চ বিহু প্ৰথমবাৰৰ বাবে অসমৰ গুৱাহাটীৰ লতাশিলত আৰম্ভ হোৱাৰ পিছৰে পৰাই সমগ্ৰ অসমতে এতিয়া মঞ্চ বিহুৰ জোঁৱাৰ উঠিছে৷ এনে সময়তে এটা কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে যে বিহুত এতিয়া বহুতে বাণিজ্যৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিছে৷ তাৰ প্ৰমাণ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বহু বিহুতলীৰ লগতে অসমৰ বহু ঠাইত দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ দেখা গৈছে যে অসমৰ বহু বিহুতলীত এতিয়া সংস্কৃতিৰ সলনি কেতবোৰ বিশেষ কোম্পানীৰ বিজ্ঞাপনেহে বিহুতলীত দপদপাই আছে৷ গুৱাহাটীৰ মহানগৰীৰ কেইবাখনো বিহুতলীত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে বহু কোম্পানীৰ বিজ্ঞাপনৰ ফলক তথা হৰ্ডিঙৰ বাবে বিহু উপভোগ কৰিবলৈ অহা দৰ্শকে জীয়াতু ভুগিবলগীয়া হৈছে৷

এনে ঘটনা ঘটিছে যে সমগ্ৰ বিহুতলীত কোম্পানীবোৰে স্থাপন কৰা বিজ্ঞাপনৰ ফলকত উজুটি খাই বহু শিশু আঘাতপ্ৰাপ্ত হৈছে৷ অসমত এনে এক পৰিস্থিতি সৃষ্টি হ’ব বুলি হয়তো কোনেও ভবা নাছিল৷ কিন্তু এতিয়া কোম্পানীৰ হাতত অসমৰ বিহুৰ দায়িত্ব এৰি দিয়াৰ পিছতে বহু বিহু সমিতিয়ে নিজৰ জেপ গৰম কৰিব পাৰিছে যদিও প্ৰকৃতাৰ্থত অসমৰ বিহুবলীয়া ৰাইজৰ আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত এনে বিহু সমিতিসমূহ সম্পূৰ্ণৰূপে বিফল হৈছে৷ এই প্ৰতিবেদকে গুৱাহাটীৰ চানমাৰীকে ধৰি অন্যান্য কেইবাখনো বিহুতলী পৰিভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা ইয়াকে ক’ব পাৰি যে তেনে বিহুতলী সমূহত এতিয়া বিহুবলীয়া ৰাইজে বিচৰণ কৰিব পৰাকৈ ঠাই অভাৱ হৈছে৷

কাৰণ তেনে বিহুতলী সমূহত কোম্পানীসমূহৰ বিজ্ঞাপনৰ হৰ্ডিং সমগ্ৰ বিহুতলীত স্থাপন কৰাৰ ফলত মানুহে এতিয়া খোজ কাঢ়িব পৰা ঠাইৰ অভাৱ হৈছে৷ এই ক্ষেত্ৰত বহুতে এই বুলি প্ৰস্তাৱ কৰিছে যে বিহু উদ্‌যাপনৰ ক্ষেত্ৰত দেশীয় তথা বহুজাতিক কোম্পানীসমূহে অৰিহণা যোগোৱাটো উচিত৷ কিন্তু সেই বুলিয়েই সমগ্ৰ সংস্কৃতিটোক গ্ৰাস কৰাৰ বাবে তেনে কোম্পানীসমূহে হৰ্ডিং আৰি বিহুবলীয়া ৰাইজক যি অশান্তি দিছে তেনে কৰাৰ অধিকাৰো তেওঁলোকৰ নাই৷ প্ৰতিটো কোম্পানীৰে সামাজিক কল্যাণৰ বাবে এক নিৰ্ধাৰিত পুঁজি থাকে৷ তেনে নিৰ্ধাৰিত পুঁজি বিহুকে ধৰি অন্যান্য সামাজিক তথা অৰ্থনৈতিক উন্নয়নৰ কামত তেনে কোম্পানীসমূহে ব্যৱহাৰ কৰে৷ এই ক্ষেত্ৰত বিহু কমিটীসমূহক দিয়া সামান্য অৰিহণাৰ বাবেই যদি তেওঁলোকৰ হৰ্ডিঙেৰে সমগ্ৰ বিহুতলী ভৰাই তোলা হয় তেন্তে বিহুৰ মাদকতা ক’ত থাকিব বুলিও বহুতে প্ৰশ্ন কৰিছে৷

বহুতে এইবুলিও কৈছে যে যদি তেনে কোম্পানীৰ প্ৰচাৰ কৰিবলগীয়াই হয় তেন্তে তেওঁলোকে বিহু কমিটীয়ে প্ৰকাশ কৰা মুখপত্ৰখনকে নিজৰ বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰে৷ ইয়াৰ পৰিৱৰ্তে ডাঙৰ ডাঙৰ হৰ্ডিং আৰু বাকচ আকৃতিৰ বিজ্ঞাপনৰ আহিলা ব্যৱহাৰ কৰি কিয় তেওঁলোকে বিহুবলীয়া ৰাইজৰ আনন্দত যতি পেলাইছে বুলিও বহুতে প্ৰশ্ন কৰিছে৷ এই প্ৰসংগতে বহুতে এই বুলিও কৈছে যে বহু বিহু কমিটীয়ে বিহুক এক বছৰেকীয়া উপাৰ্জনৰ আহিলা হিচাপে গ্ৰহণ কৰিছে৷ যাৰ বাবে সাধাৰণ জনতাৰ কথা নাভাবি তেওঁলোকে হকে-বিহকে কোম্পানীৰ পৰা টকা লৈ তেনেদৰে বিজ্ঞাপন প্ৰচাৰ কৰি সাধাৰণ জনতাক অশান্তি দিছে৷ এই কথাৰ উত্তৰ অৱশ্যে সংশ্লিষ্ট বিহু কমিটীসমূহেহে দিব পাৰিব৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে অসমত এতিয়াও এনে বহুতলী আছে য’ত দেশীয় অথবা বহুজাতিক কোম্পানীৰ আচোৰ পৰা নাই৷ তেনে বিহুতলী সমূহতো প্ৰতি নিশাই হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিছে৷

শেহতীয়াকৈ অসম চৰকাৰে বহু বিহুতলীক ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে৷ চৰকাৰৰ পৰা ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰা প্ৰায়ভাগ বিহুতলীয়েই পিছে ব্যক্তিগত কোম্পানীৰ পৰা ধন লৈ বিহুক বিহলৈ ৰূপান্তৰ কৰাহে দেখা গৈছে৷ চৰকাৰে এনেবোৰ বিষয়ো সেয়ে চালি-জাৰি চোৱা উচিত৷ কাৰণ চৰকাৰে দিয়া ডেৰ লাখ টকা ৰাইজৰ কৰ-কাতলৰ পৰাই আদায় দিয়া ধন৷

Related Articles