Breaking

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনলাইন মেধা পৰীক্ষা সম্পন্ন

0 111

বোকাখাতকভিড-১৯ক ৰোধিবলৈ দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনে সমাজৰ বৌদ্ধিক অগ্ৰগতিক স্থবিৰ কৰাৰ পথত। সেয়েহে সম্প্ৰতি ঘৰতে সোমাই থাকি টেলিফোন আৰু ইণ্টাৰনেটক সাৰথি কৰি লৈছে সমাজৰ সচেতন নাগৰিকে। ৰাজ্যখনৰ অনেক স্থানত এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন শ্ৰেণী আৰু পৰীক্ষা পাতিছে শিক্ষা বিভাগে। কিয়নো লকডাউনৰ শেষ হোৱাৰ পাছৰ পৰিস্থিতিয়ে যাতে অনৰ্থক ইতি পেলাব নোৱাৰে ছাত্ৰ-ছাত্ৰীৰ এটাকৈ সোণালী শিক্ষাবৰ্ষ। এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে গোলাঘাট জিলা মাধ্যমিক শিক্ষা বিভাগে। তদ্ৰুপ ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীৰ মেধা শক্তি আৰু প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ গ’ল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্যিক ভিত্তিত বিশেষ অনলাইন মেধা পৰীক্ষা। লক-ডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীৰ সময়ৰ যাতে সদ্ব্যৱহাৰ হয় আৰু শৈক্ষিক দিশত আগবাঢ়িব পাৰে সেই উদ্দেশ্যেই অনুষ্ঠিত কৰা হৈছিল এই বিশেষ মেধা পৰীক্ষা। যোৱা ৩ মে’ৰ পুৱা দহ বজাৰ পৰা ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু সাধাৰণ জ্ঞান বিষয়ত অনলাইন পদ্ধতিৰে অনুষ্ঠিত হোৱা এই মেধা পৰীক্ষাত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমীয়া আৰু ইংৰাজী দুয়োটি মাধ্যমতে অনুষ্ঠিত কৰা হৈছিল এই অনলাইন পৰীক্ষা। উল্লেখ্য যে এই মেধা পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলক একোটিকৈ কিতাপৰ টোপোলা আৰু একোখনিকৈ মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হ’ব আৰু এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতি গৰাকী পৰীক্ষাৰ্থীলৈ স্বীকৃতি হিচাপে একোখনিকৈ মানপত্ৰ প্ৰদান কৰা হ’ব বুলি ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিছে। বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ এনে মহৎ প্ৰচেষ্টাৰ বোকাখাতৰ লগতে ৰাজ্যখনৰ সচেতন মহলে শলাগ লৈছে।

Leave A Reply