Breaking

বকোৰ যুৱক আব্দুৰ ৰফিকৰ স্বাৱলম্বিতাৰ নিদৰ্শন…

0 1,046

নিজৰ স্বকীয় কৰ্মৰাজিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী যুৱ ব্যৱসায়ীয়ে। জানিব পৰা মতে ; কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত  বৰুৱা বালিঝাৰৰ শিক্ষীত যুৱক আব্দুৰ ৰফিকে নিজৰ গৃহতেই মুকলি কৰিছে আধুনিক ডিজাইনৰ ইলেকট্ৰনিক এল এ ডি বাল্প। উল্লেখ্য যে উচ্চ শিক্ষা সমাপ্ত কৰি ৰফিকে কলিকতাৰ এটা প্ৰতিষ্ঠানত এল এ ডি বাল্ব প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ ৰফিক ইন্ডাষ্ট্ৰী গঢ়ি তুলি জীৱিকা উপাৰ্জনৰ কৰাৰ লগতে নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।প্ৰতিষ্ঠানটোত ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী সমূহ খুচুৰা বিক্ৰীৰ উপৰিও পাইকাৰী ভাৱেও ক্ৰয় কৰিবলৈ আহি আছে।

ইয়াৰ জৰিয়তে অধিক মুনাফা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইন্ডাষ্ট্ৰিটোৰ সত্তাধীকাৰী আব্দুৰ ৰফিকে ।সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ ৰফিকে কয় যে, শিক্ষা কেৱল চাকৰিৰ বাবে অৰ্জন কৰা ঠিক নহয়, ইচ্ছা কৰিলে ভাল ব্যৱসায় কৰিলেও জীৱনত সাফল্য লাভ কৰিব পাৰি। তেওঁ আৰু জানিবলৈ দিয়ে যে  অতি সুলভ মুল্যত বিক্ৰী কৰা হয় বাল্ব সমুহ।যদি কোনো ব্যক্তিক কাৰিকৰী প্ৰশিক্ষণ, নিৰ্মাণ সামগ্ৰীৰ আৱশ্যক হয় তেন্তে +917002831934 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মান কৰা বাল্ব সমূহে অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আব্দুৰ ৰফিকৰ এনে কাৰ্য্যৰ বাবে আদৰণিয় আৰু প্ৰসংশাৰ পাত্ৰ হৈ পৰিছে।

Leave A Reply