Breaking

৫৬ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ বলিউদৰ অভিনেতা আৰবাজ খান…

0 38

বলীউডৰ তাৰকা আৰবাজ খানে ২০২৩ চনৰ ২৪ ডিচেম্বৰত প্ৰেমিকা শ্বুৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৫৬ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় আৰবাজ খান। এই বিবাহ অৰ্পিতা খানৰ ঘৰত হৈছিল, য’ত তেওঁৰ পৰিয়ালৰ লোক উপস্থিত আছিল। দুয়োজনে বিয়াত একেধৰণৰ সাজ-পোছাক পিন্ধিছিল। বেছিভাগ মানুহেই বিয়াত একেধৰণৰ সাজ-পোছাক পিন্ধি ভাল পায়। দেওবাৰে সন্ধিয়া আৰবাজ খানেপ্ৰেমিকা শ্বুৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত আৰবাজে নিজৰ কইনাৰ সৈতে এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ছবিবোৰত দুয়োকে একেধৰণৰ ফুলৰ প্ৰিণ্টেড সাজ-পোছাকত দেখা গৈছিল।

পিতৃ আৰবাজৰ বিয়াত উপস্থিত আছিল পুত্ৰ আৰহানো। লগতে উপস্থিত থাকে ঘনিষ্ঠ আত্মীয় আৰু ঘনিষ্ঠ বন্ধু।
কেৱল তেওঁৰ ঘনিষ্ঠ আত্মীয় আৰু বিশেষ বন্ধু-বান্ধৱীহে বিয়াত উপস্থিত আছিল। দুয়োৰে চেহেৰা মানুহে বৰ ভাল পাইছে।

Leave A Reply