Breaking

১০ বছৰ সৰু মণিপুৰৰ প্ৰেমিকা লীনাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেতা ৰনদীপ হুদা…

0 71

ৰনদীপ হুদা বিবাহঃ বলীউডৰ অভিনেতা ৰনদীপ হুদা বিবাহ সন্দৰ্ভত চৰ্চালৈ আহিছে খবৰ। খবৰ অনুসৰি অভিনেতাগৰাকীয়ে অতি সোনকালে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। খবৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। অৱশ্যে ৰণদীপৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

খবৰ অনুসৰি ৰনদীপ হুদা আৰু লিনাৰ বিবাহ অতি ব্যক্তিগত হ’ব। তেওঁৰ বিয়াত কেৱল তেওঁৰ পৰিয়াল আৰু কিছু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে উপস্থিত থাকিব। খবৰ অনুসৰি ৰনদীপে নিজৰ বিবাহে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাটো নিবিচাৰে। বিয়াৰ পিছতহে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিব বুলি অভিনেতাজনে কয়। কিছুদিন আগতে ৰনদীপে নিজৰ প্ৰেমিকাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিজৰ সম্পৰ্ক নিশ্চিত কৰিছিল। লিনাৰ জন্মদিনত প্ৰেমৰ পোষ্ট এটা শ্বেয়াৰ কৰি নিজৰ সম্পৰ্ক নিশ্চিত কৰিছিল। লিন ৰনদীপতকৈ প্ৰায় ১০ বছৰ সৰু।


Leave A Reply