Breaking

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ…

0 53

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ। কংগনা ৰানাৱটে চন্দ্ৰযান ৩ৰ বিজ্ঞানীসকলক লৈ এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। য’ত অভিনেত্ৰীগৰাকীয়ে এই মহিলাবিজ্ঞানীসকলৰ সৰলতাৰ কথা কৈছে। সমগ্ৰ দেশে উদযাপন কৰিছে চন্দ্ৰযান ৩ৰ সফলতা। ইফালে কংগনা ৰানাৱটে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক প্ৰশংসা কৰি এটা পোষ্ট লিখিছে। যিয়ে সকলোৰে হৃদয় চুই গৈছে। এই অভিযানত কাম কৰা বিজ্ঞানীসকলৰ এখন ছবি শ্বেয়াৰ কৰাৰ সময়ত তেওঁ তেওঁলোকৰ সৰলতাক প্ৰশংসা কৰে আৰু তেওঁলোকক সৰল জীৱন-যাপনেৰে উচ্চ চিন্তা বুলি অভিহিত কৰে।

এই ছবিখনৰ বিশেষ কথাটো হ’ল এই আটাইকেইগৰাকী ইছৰোত কৰ্মৰত মহিলা বিজ্ঞানীয়ে শাৰী পিন্ধি কপালত বিন্দী লগাই ইছৰো চেণ্টাৰত উপস্থিত থাকে। ফটোখন শ্বেয়াৰ কৰি কংগনাই লিখিছে, ‘তেওঁলোকৰ সহজ জীৱন আৰু উচ্চ চিন্তা। এই বাৰ্তাৰ সৈতে কংগনাই ভাৰতীয় পতাকাৰ তিনিটা ইমোজিও শ্বেয়াৰ কৰিছে।

কংগনা ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অতি সোনকালে অভিনেত্ৰীগৰাকীক পি বাসুৰ পৰিচালনাত নিৰ্মিত ‘চন্দ্ৰমুখী ২’ ছবিখনত দেখা যাব। যিখন ব্লকবাষ্টাৰ তামিল হৰৰ ছবি ‘চন্দ্ৰমুখী’ৰ ছিকুৱেল। ইয়াৰ উপৰিও অতি সোনকালে তেজছ আৰু ইমাৰ্জেন্সিতো দেখা যাব অভিনেত্ৰীগৰাকীক।

Leave A Reply