Breaking

বলিউদৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ মাতৃৰ মৃত্যু, আজি মুম্বাইত শেষকৃত্য সম্পন্ন কৰা হ’ব…

0 116

বলিউদৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ মাতৃৰ মৃত্যু, আজি মুম্বাইত শেষকৃত্য সম্পন্ন কৰা হ’ব।মৃত্যুঃ বলীউডৰ ‘ঢক ঢক গাৰ্ল’ নামেৰে পৰিচিত মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দেশমুখৰ আজি পুৱা দেহাৱসান ঘটে। আজি মুম্বাইত তেওঁৰ অন্তিম অনুষ্ঠান অনুষ্ঠিত হ’ব। সতীশ কৌশিকৰ মৃত্যুৰ পিছত বলীউড জগতত আন এক বেয়া খবৰ। বিখ্যাত হিন্দী চিনেমাৰ অভিনেত্ৰী মাধুৰী দীক্ষিতক লৈ ভাঙিছে দুখৰ পাহাৰ। মাধুৰীৰ মাতৃ স্নেহলাতা দেশমুখৰ দেহাৱসান। মাতৃৰ মৃত্যুৰ পিছত সম্পূৰ্ণৰূপে ভাঙি গৈছে মাধুৰী।

মাতৃৰ শেষৰ জন্মদিনটোত এইদৰে মাতৃৰ সৈতে মাধুৰী দীক্ষিত-


মাধুৰী দীক্ষিতৰ মাতৃৰ দেহাৱসান

২০২৩ চনৰ ১২ মাৰ্চত পুৱা প্ৰায় ৮.৪০ বজাত মাধুৰী দীক্ষিতৰ মাতৃৰ মৃত্যু হয়। অভিনেত্ৰীগৰাকীৰ মাতৃৰ বয়স আছিল ৯১ বছৰ। আজি বিয়লি প্ৰায় ৩ বা ৪ বজাত মুম্বাইৰ ৱৰ্লিত তেওঁৰ মাতৃৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব। মাধুৰী দীক্ষিত মাকৰ বহুত ঘনিষ্ঠ আছিল। এনে অৱস্থাত মাকৰ বিদায়ৰ বাবে তেওঁ বৰ দুখী।

মাধুৰী দীক্ষিতৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনকেইটাত মাধুৰী দীক্ষিতৰ মাকে যথেষ্ট সহায় কৰিছিল। ছবিৰ শ্বুটিং হওক বা যিকোনো ইভেণ্টেই হওক, মাধুৰীৰ লগত সদায় তাইৰ মাক আছিল। অভিনেত্ৰীগৰাকীয়ে বহুবাৰ কৈছে যে তাৰকা হোৱাৰ পিছতো স্বাভাৱিক জীৱন যাপন কৰাত মাতৃৰ ডাঙৰ হাত আছে।

Leave A Reply