Breaking

বিহাৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা শৰ্মাই!

0 11

ৰাজনীতিত খোজ পেলাবলৈ সাজু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা শৰ্মা! বিহাৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা অভিনেত্ৰী নেহা শৰ্মাৰ! পিতৃ কংগ্ৰেছ নেতা অজয় শৰ্মাই দিলে কন্যাৰ ৰাজনীতিত প্ৰৱেশৰ ইংগিত ।

বহু প্ৰত্যাশিত লোকসভা নিৰ্বাচনত বলীউডৰ অভিনেতা নেহা শৰ্মাই ৰাজনীতিত খোজ পেলাব পাৰে বুলি শেহতীয়াকৈ তেওঁৰ পিতৃ তথা কংগ্ৰেছ নেতা অজয় শৰ্মাই ইংগিত দিছে। বিহাৰৰ ভাগলপুৰ সমষ্টিৰ বিধায়ক অজয়ে দাবী কৰে যে মহাগঠবন্ধন (গ্ৰেণ্ড এলায়েন্স)ৰ আসন ভাগ-বতৰা আলোচনাৰ অন্তত যদি গ্ৰেণ্ড অল্ড পাৰ্টিয়ে আসনখন নিশ্চিত কৰে তেন্তে নেহাই সমষ্টিটোৰ পৰা টিকট পাব পাৰে। “যদি কংগ্ৰেছে ভাগলপুৰ পায়, মই বিচাৰিম মোৰ ছোৱালী নেহাই..প্ৰতিদ্বন্দ্বিতা কৰক…”। ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা ৰাজ্যৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে প্ৰকাশ কৰা অনুসৰি অহা সপ্তাহত বিহাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়নমূলক অন্তৰ্ভুক্ত মিত্ৰজোঁটৰ আসন ভাগ-বতৰা ঘোষণা কৰা হ’ব।


Leave A Reply