Breaking

শিৱ ভক্তিত নিমগ্ন বলিউদৰ অভিনেত্ৰী ছাৰা আলী খান…

0 20

বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানক প্ৰায়ে শিৱ ভক্তিত মগ্ন হোৱা দেখা যায়। ছাৰা আলী খান কেতিয়াবা কেদাৰনাথলৈ যায় আৰু কেতিয়াবা মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ যায়। এইবাৰ ছাৰা আলী খান মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিঙলৈ গৈছিল। যাৰ ফটো অভিনেত্ৰীগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।



এফালে বলীউডৰ বহু তাৰকাই ছ’চিয়েল মিডিয়াত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰাৰ বিপৰীতে ছাৰা আলী খানে শিৱ জ্যোতিৰ্লিংগ দৰ্শনৰ ছবি তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। ছবিবোৰত চাৰা আলী খানে ভগৱান শিৱৰ সন্মুখত প্ৰাৰ্থনা কৰি নন্দী বাবাৰ কাণত কিবা এটা কোৱা দেখা গৈছে। ঘৃষ্ণেশ্বৰ মন্দিৰৰ ফটোৰ লগতে কেপচনত ‘জয় ভোলানাথ’ও লিখিছে ছাৰা আলী খানে।

ছাৰা আলী খানক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত ভিকি কৌশলৰ সৈতে দেখা গৈছিল।


Leave A Reply