Breaking

৩৭ বছৰীয়া হ’ল বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ, ৩৭ বছৰ বয়সতো বিবাহপাশত আৱদ্ধ হ’বলৈ মন নকৰে শ্ৰদ্ধাই; কাৰণ কি…

0 44

‘এক ভিলেইন’, ‘এবিচিডি’, ‘ষ্ট্ৰী’, ‘আশিকী’ ২ আৰু ‘বাঘী’ৰ দৰে ছবিত চৰিত্ৰত অভিনয় কৰি শ্ৰদ্ধা কাপুৰে চলচ্চিত্ৰ জগতৰ শীৰ্ষ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। আহকচোন তেওঁৰ ৩৭ সংখ্যক জন্মদিনত তেওঁৰ পৰিয়াল আৰু শীৰ্ষ ৫ খন ছবিৰ বিষয়ে জানি লওক। বহু হিট ছবিত অভিনয় কৰিছে যদিও তেওঁৰ কিছুমান ছবি বেয়াকৈ ফ্লপ হৈছিল, তথাপিও শ্ৰদ্ধাই কেতিয়াও হাৰ নামানে আৰু ২০১৮ চনত হৰৰ কমেডী ছবি ‘ষ্ট্ৰী’ৰ জৰিয়তে শক্তিশালী কামবেক কৰিছিল। শ্ৰদ্ধাই বলীউডৰ প্ৰায় প্ৰতিটো ধাৰাৰ ছবি কৰি নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে।

মুম্বাইত জন্মগ্ৰহণ কৰা শ্ৰদ্ধা কাপুৰ মুম্বাইতে ডাঙৰ-দীঘল হৈছিল। শ্ৰদ্ধাৰ পিতৃ শক্তি কাপুৰ পাঞ্জাবী আৰু মাতৃ শিৱাংগী কলহপুৰে মাৰাঠী আৰু কংকনী। শ্ৰদ্ধাৰ পিতৃ শক্তি কাপুৰ, মাতৃ শিৱাংগী কাপুৰ, জ্যেষ্ঠ ভাতৃ সিদ্ধান্ত কাপুৰ, পেহী পদ্মিনী কলহাপুৰী আৰু তেজস্বনী কলহাপুৰী আটাইকেইজন অভনয়ৰ সৈতে জড়িত। লতা মংগেশকাৰ, আশা ভোছলে, মীনা খাদিকাৰ, উষা মংগেশকাৰ, হৃদয়নাথ মংগেশকাৰৰ দৰে বিখ্যাত ব্যক্তিৰ সৈতেও তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছে।

২০১০ চনত অভিনয় আৰম্ভ কৰাৰ পিছত শ্ৰদ্ধা কাপুৰে ৰোমান্টিক মিউজিকেল ছবি ‘আশিকী ২’ (২০১৩)ত এগৰাকী গায়িকাৰ চৰিত্ৰত অভিনয় কৰি সফলতা লাভ কৰে।


এক ভিলেইন (২০১৪), এই ছবিখন গুৰু (সিদ্ধাৰ্থ মালহোত্ৰা)ক কেন্দ্ৰ কৰি আবদ্ধ। গুৰুৰ জীৱন অন্ধকাৰ হৈ পৰে যেতিয়া তেওঁৰ পত্নী আয়েশা (শ্ৰদ্ধা কাপুৰ) ছিৰিয়েল কিলাৰ ৰাকেশ মহাদকাৰ (ৰিতেশ দেশমুখ)ৰ বলি হয়। শোক আৰু খঙৰ দ্বাৰা পৰিচালিত হৈ গুৰুৱে প্ৰতিশোধ ল’বলৈ ছিৰিয়েল কিলাৰক বিচাৰিবলৈ আৰম্ভ কৰে। এই ছবিখনৰ কাহিনী আৰু অভিনেতাসকলৰ অভিনয়ক প্ৰশংসা কৰাৰ লগতে ছবিখনৰ হৃদয়স্পৰ্শী গীতসমূহো অতি জনপ্ৰিয় হৈ উঠিছিল। ইয়াৰ উপৰিও বহু ছবিত অভিনয় কৰিছে শ্ৰদ্ধাই।



Leave A Reply