Breaking

হলিউডৰ অন্যান্য আইকনৰ সৈতে বাফটা বঁটা অনুষ্ঠানত উপস্থাপন কৰিব বলীউডৰ দীপিকা পাডুকনে…

0 24

আগন্তুক বাফটা বঁটাৰ অন্যতম উপস্থাপক হিচাপে ঘোষণা কৰা হৈছে বলীউডৰ লিডিং লেডীক। এই ডাঙৰ ঘোষণাৰ লগে লগে দীপিকাই ডেভিদ বেকহাম আৰু দুয়া লিপাৰ দৰে খেলুৱৈৰ সৈতে যোগদান কৰে বুলি ভেৰাইটিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। আন আন উপস্থাপক সকলৰ ভিতৰত আছে কেট ব্লাঞ্চেট, ‘ব্ৰিজাৰ্টন’ৰ এডজোয়া এণ্ডোহ, ‘ৱংকা’ৰ হিউ গ্ৰাণ্ট আৰু ‘এমিলি ইন পেৰিছ’ৰ লিলি কলিন্স।

ৰাইজিং ষ্টাৰ বঁটা প্ৰদান কৰিব প্ৰাক্তন বিজয়ী এমা মেকে আৰু জেক অ’কনেলে। ১৮ ফেব্ৰুৱাৰীত লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ইয়াত হান্না ৱাডিংহামৰ বিশেষ কভাৰ গীত পৰিবেশন কৰা হ’ব আৰু ইয়াৰ আয়োজক হ’ব ডেভিদ টেনেণ্ট। ভাৰতৰ লায়ন্সগেট প্লে’ত লাইভ প্ৰচাৰ কৰা হ’ব এই অনুষ্ঠান।

উল্লেখযোগ্য উপস্থিত সকলৰ ভিতৰত আছে বেৰী কেওগান, ব্ৰেডলি কুপাৰ, কেৰী মুলিগান, চিলিয়ান মাৰ্ফি, আৰু পৰিচালক গ্ৰেটা গেৰৱিগ, ক্রিষ্টোফাৰ নোলান, চেলিন ছং, আৰু ইয়ৰ্গছ লেন্থিমছ। যোৱা বছৰ দীপিকা পাডুকনে অস্কাৰ ২০২৩ত উপস্থাপন কৰিছিল।

চলচ্চিত্ৰৰ ফালৰ পৰা শেহতীয়াকৈ ঋত্বিক ৰোশনৰ সৈতে এৰিয়েল একচন থ্ৰিলাৰ ‘ফাইটাৰ’ত অভিনয় কৰি ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছিল। তেওঁৰ পৰৱৰ্তী প্ৰজেক্ট হৈছে ২০২৪ চনৰ ৯ মে’ত মুক্তি পাবলগীয়া দক্ষিণ অভিনেতা প্ৰভাছৰ সৈতে বিজ্ঞান-কল্পকাহিনী একচন থ্ৰিলাৰ ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’।

Leave A Reply