Breaking

বলিউডৰ তাৰকাৰ অসম প্ৰেম , এজনৰ পিছত এজনকৈ জনপ্ৰিয় তাৰকাৰ অসমলৈ আগমনৰ বাতৰিত উৎফুল্লিত অসমবাসী…

0 81

বলিউডৰ তাৰকাৰ অসম প্ৰেম। এজনৰ পিছত এজনকৈ নামী- দামি তাৰকাৰ অসমলৈ আগমনৰ বাতৰিত উৎফুল্লিত অসমবাসী। কিছুদিন পূৰ্বে বলিউডৰ তাৰকা কংগনা ৰানাৱতে পদাৰ্পন কৰিছিল অসম। কাজিৰঙা অভয়াৰণ্য দৰ্শনৰ লগতে অসমৰ প্ৰাকৃতিক ৰূপ দৰ্শন কৰি উভতি যায় তাৰকা গৰাকী। ১৪ নবেম্বৰত অসমত পদাৰ্পন কৰে বলিউডৰ ড্ৰীমগাৰ্ল খ্যাত হেমা মালিনী। উদ্দেশ্য নলবাৰীৰ ৰাস মহোৎসৱ উপভোগ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ আমন্ত্ৰন ৰক্ষা কৰি ড্ৰীমগাৰ্লৰ অসম ভ্ৰমন।

১৫ নবেম্বৰত নলবাৰীত উপস্থিত হব বলিউডৰ জনপ্ৰিয় কৌতুক শিল্পী আচৰাণী। ইয়াৰ পিছত ১৬ আৰু ১৭ নবেম্বৰত উদযাপন কৰা হব ৭১ তম্ কাৰ্বি আংলঙ দিবস। এই উৎসৱত অংশ গ্ৰহন কৰিব বলিউডৰ খলনায়ক শক্তি কাপুৰে। জিলাখনলৈ আহিব বলিউডৰ নেপথ্য কন্ঠশিল্পী সুনিধি চৌহান। উক্ত দুয়োটা দিন প্ৰশাসনে ঘোষনা কৰিছে চৰকাৰী বন্ধৰ। চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি উক্ত দুয়োটা দিনত বন্ধ থাকিব। ইয়াৰ পিছতেই অসমত উপস্থিত হব বলিউডৰ তাৰকা হৃতিক ৰোচন আৰু দিপীকা পাডুকন। তাৰকাদ্বয় উপস্থিত হব উষা নগৰী তেজপুৰত।

তাৰকাদ্বয়ক সংগ দিব আন এক জনপ্ৰিয় তাৰকা অনিল কাপুৰে। তেজপুৰস্হিত বিমান বাহিনীৰ ঘাটিত হিন্দী ছবি ” ফাইটাৰ” ৰ শ্বুটিং হব। অভিনেতা সকলে প্ৰায় দহ দিনৰ কাৰ্যসূচী হাতত লৈ উপস্থিত হব অসমত। বলিউডৰ ছবিৰ পৰিচালক তথা অভিনেতা- অভিনেত্ৰীৰ অসম প্ৰেমে এক নতুন দিগন্তৰ সূচনা কৰিব। শক্তিপীঠ কামাখ্যাৰ লগতে কাজিৰঙা, মানাহ, পবিতৰা আদি ৰাষ্ট্ৰীয় উদ্যান সমূহলৈ পৰ্যটনক আকৰ্ষিত কৰাৰ লগতে বলিউডৰ ছবিৰ দৃশ্য গ্ৰহনেও ৰাজ্যখনক এক নতুন মাত্ৰা দিয়াটো নিশ্চিত। ইতিপূৰ্বে অসমত উগ্ৰবাদৰ সমস্যাই দেশী- বিদেশী পৰ্যটকৰ বাবে এক শংকাৰ কাৰণ হৈ পৰিছিল যদিও শেহতীয়াকৈ অসমৰ পৰিস্থিতি পৰিবেশ অনুকূল হোৱাত বলিউডৰ তাৰকা সকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৰাজ্যখন।

Leave A Reply