Breaking

প্ৰধানমন্ত্ৰী মোদীৰ কৰ্মত কৃতজ্ঞতা প্ৰকাশ বলীউডৰ ‘ডান্স কুইন’ নোৰা ফাতেহীৰ…

0 45

বলীউডৰ ‘ডান্স কুইন’ নোৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ অত্যন্ত সুখী। প্ৰধানমন্ত্ৰী মোদীৰ কি কামে নোৰাক ইমান আপ্লুত কৰিছে জানেনে? বলীউডৰ ‘ডান্স কুইন’ নোৰা ফাতেহী পুনৰবাৰ বাতৰিৰ শিৰোনামত। তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। মৰক্কোৰ ভয়াবহ ভূমিকম্পৰ পিছত ভাৰতে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে তেওঁ ধন্যবাদ জনায়নোৰা ফাতেহীয়ে। নোৰাই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই কয় যে এই সহায়ৰ বাবে মৰক্কোৰ জনসাধাৰণ তেওঁৰ ওচৰত কৃতজ্ঞ।


আপোনালোকক কওঁ যে নোৰা ফাতেহী এগৰাকী মৰক্কো মূলৰ কানাডাৰ শিল্পী। হিন্দী, তেলেগু, তামিল, মালয়ালমকে ধৰি বহু ভাষাৰ ছবিত কাম কৰি আহিছে এগৰাকী সুপৰিচিত নৃত্যশিল্পী। ভাৰতত কাম কৰাৰ পিছতো তেওঁৰ দেশৰ সৈতে এতিয়াও আৱেগিক সম্পৰ্ক আছে। শুকুৰবাৰে গভীৰ নিশা মৰক্কোত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়, য’ত এতিয়ালৈকে ২ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে ৩ হাজাৰতকৈ অধিক লোক আহত হৈছে, ইয়াৰে ১.৫ হাজাৰ লোক গুৰুতৰভাৱে আহত হৈছে। এই উপলক্ষে নিজৰ পৰম্পৰা অনুসৰি ভাৰতে পুনৰবাৰ মৰক্কোলৈ সহায়ৰ হাত আগবঢ়াইছে। শনিবাৰে জি-২০ শীৰ্ষ সন্মিলন উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে মৰক্কোত হোৱা বৃহৎ ভূমিকম্পৰ ফলত প্ৰাণ আৰু সম্পত্তি হেৰুৱাৰ বাবে শোক প্ৰকাশ কৰিছিল। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, ‘এই কঠিন সময়ত সমগ্ৰ বিশ্বই মৰক্কোৰ সৈতে থিয় দিছে। তেওঁলোকক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ আমি সাজু।

প্ৰধানমন্ত্ৰী মোদীৰ এই কাৰ্যৰ বাবে নোৰা ফাতেহীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই পোষ্টটোৰে ফতেহীয়ে লিখিছে, ‘আপোনাৰ সমৰ্থনৰ বাবে ধন্যবাদ। ভাৰত অন্যতম দেশ যিয়ে প্ৰথমে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত মৰক্কোলৈ সহায়ৰ হাত আৰু সজাগতা প্ৰদান কৰিছিল।

Leave A Reply