Breaking

বঙাইগাঁও চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিস্থান ,দল-সংগঠন ,নামঘৰ,মঠ মন্দিৰ,বিদ্যালয় ,মহাবিদ্যালয়ত হৰ ঘৰ ত্ৰিৰংগাৰ বৃহৎ শোভাযাত্ৰাৰে গীত মাতৰ ধৰণী

0 1,289

স্বাধীনোত্তৰ ৭৫ সংখ্যাক অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ প্ৰধান মন্ত্ৰী ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজিৰে পৰা আৰম্ভ হোৱা হৰ ঘৰ ত্ৰিৰংগা আজি নামনি অসমৰ প্ৰতি জিলাৰ প্ৰতিটো অঞ্চলৰ কেইবাটাও দল-সংগঠন, অনুষ্ঠান-প্ৰতিস্থান আদিয়ে বিভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ বাতৰি পোৱা গৈছে।প্রাপ্ত বাতৰি মতে নামনি অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীত অৱস্থিত অষ্টম অসম আৰক্ষী বাহিনীয়ে আজি ৰাতিপুৱা আৰক্ষী বাহিনীয়ে আজি ৰাতিপুৱা আৰক্ষী বেটেলিয়ন চাউনিৰ পৰা এক বৃহৎ শোভাযাত্ৰা উলিয়ায়।কেবাখনো চাৰি চকীয়া বাহনত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক মূলক তথ্যৰ অভিনয় মূলক কাৰ্যসূচীৰ লগতে বহুতো ছাত্ৰ ছাত্ৰী ,মহিলা জোৱানৰ এক বৃহৎ শোভাযাত্ৰা উলিয়াই।কেইবাখনো চাৰি চকীয়া বাহনত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক মূলক তথ্যৰ অভিনয়মূলক কাৰ্যসূচীৰ লগতে বহুতো ছাত্ৰ ছাত্ৰী ,মহিলা জোৱানৰ এক বৃহৎ শোভাযাত্ৰা বাহিৰ কৰি সমগ্ৰ চহৰখনৰ পৰিভ্ৰমণ কৰি বন্দে মাতৰম আদি ধ্বনি দিয়ে।

একেদৰে অভয়াপুৰী লিটল ফ্লাৱাৰ ইংৰাজী হাইস্কুল,অভয়াপুৰী ২নং প্ৰাথমিক বিদ্যালয়, মন্টফৰ্ত বিদ্যালয়, অভয়াপুৰী মহাবিদ্যালয়, অভয়াপুৰী থানা গাঁও বাহিনীৰ সভাপতি প্ৰাণ নাথ সৰকাৰৰ লগতে বিভিন্ন অঞ্চলত শোভাযাত্ৰা বাহিৰ কৰে ।একেদৰে বঙাইগাঁও জিলা সদৰ চহৰতো স্বৰ্ণ শিল্পী সন্থা,অটো-টেম্পো সন্থা, বঙাইগাঁও পৌৰসভা ,বিজেপি দলৰ বঙাইগাঁও জিলা যুৱ মৰ্চা সমিতি আদি দল সংগঠনে হৰ ঘৰ ত্ৰিৰংগা পতাকা ৰ শোভাযাত্ৰা বাহিৰ কৰি বিভিন্ন ধ্বনি দিয়ে ।ইফালে আজি সমগ্ৰ জিলাখনৰ নামঘৰ,মঠ-মন্দিৰ,অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰতিটো গৃহৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি চৰকাৰী নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হয় বুলি বাতৰিটোত প্ৰকাশ।

Leave A Reply