Breaking

গ্ৰন্থ সমালোচনাঃ ড° গীতালি শইকীয়াৰ “বগলী সূতাৰ চাদৰখন”

0 1,132

নৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় লেখিকা   ড° গীতালি শইকীয়াৰ সদ্য প্ৰকাশিত  ‘বগলী সূতাৰ চাদৰখন’ আমাৰ হাতত পৰিছে।লোকনাট্যত গৱেষণা কৰিও   সাংবাদিকতাক পেশা হিচাপে গ্ৰহণ কৰা   ড° গীতালিৰ  লেখাৰে সমাজকসদায়ে এটা বাৰ্তা দিয়ে। সৰ্বাধিক জনপ্ৰিয় দৈনিককাকত নিয়মীয়াবাৰ্তাৰ পষেকীয়া  ডায়েৰীৰশিতানত  কাহিনীৰ আলমত লিখা নিবন্ধ  বোৰে পাঠক সমাজৰ যথেষ্ঠ সহাৰি লাভ কৰি আহিছিল। সমাজ জীৱনত ঘটি থকা বাস্তৱ ঘটণা প্ৰবাহৰ চৰিত্ৰবোৰক কল্পনাৰ আশ্ৰয় নোলোৱাকৈ খুউব সংবেদন শীলতাৰে পাঠকৰ মাজলৈ লৈ যাব পৰাটো ড° গীতালিৰ কলমৰ অন্যতম বৈশিষ্ট।”বগলী সূঁতাৰ চাদৰ খন”ৰ প্ৰতিটো লেখাই আত্মভাষণমূলক ৰীতিত ৰচিত। ইয়াত লেখিকাৰ অধ্যয়ণশীলতা, মননশীলতা, বাস্তৱ অভিজ্ঞতা , সমাজ জীৱন সচেতনতা তথা সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ আদৰ্শাত্মক দৃষ্টি ভংগীৰ বহিঃ প্ৰকাশ ঘটিছে। ডায়েৰীৰ প্ৰায়বোৰ লেখাতে নাৰী পুৰুষৰ জীৱন আৰু কৰ্মৰ আভাস,উদাহৰণৰ সৈতে উপস্থাপন কৰা হৈছে। সহজ সৰল শব্দ ব্যঞ্জনৰ প্ৰয়োগ ঘটাই লিখিব জনা কলাত্মক চিন্তাৰ বাবে ড° গীতালিৰ যিকোনো লিখাই সৰ্বস্তৰৰ পাঠকৰ ৰুচিবোধ সৃষ্টি কৰিব পাৰে। 

গ্ৰন্থখনৰ পাতনিতে লেখিকাই আত্মস্বীকাৰোক্তিত উল্লেখ কৰিছে– ” অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতে নৱবৰ্ষৰ প্ৰথম দিনটোতে দেউতাই এখন ডায়েৰী উপহাৰ দি কৈছিল ক’বলগীয়া অথচ ক’ব নোৱাৰা কথাবোৰ তুমি ডায়েৰীত লিখি থ’বা। দেখিবা এদিন ডায়েৰী খনে তোমাৰ অভ্যন্তৰলৈ জুমি চোৱাৰ প্ৰেৰণা দিব ।সময়ে সময়ে আত্ম বিশ্লেষণৰ সুযোগ দিব ডায়েৰী খনে । ” খুউব কম বয়সতে জ্ঞান গভীৰ চিন্তাৰ মাজত সোমাই যোৱাৰ মূলতঃ লেখিকাৰ বাবে এইয়াও আছিল অনুপ্ৰেৰণা। গ্ৰন্থ খনৰ প্ৰায়বোৰ প্ৰবন্ধৰ বিন্যাসৰীতি বিশ্লেষনাত্মক আৰু বৰ্ণনামূলক। বাস্তৱিক জীৱনৰ ছায়াচিত্ৰৰ মাজত ঘটি থকা বহু ঘটণা প্ৰবাহৰ বিষয়ে যেন লেখিকাৰ নিজৰ ভাষাত প্ৰকাশ পাইছে —” জীৱনৰ ওখোৰা মোখোৰা পথত যদি কেতিয়াবা হতাশ হৈছো , তেতিয়াই কোনো জীৱন যোদ্ধাৰ সাহসৰ কাহিনী প্ৰেৰণা হৈ বুকুত বাহ লৈছে। ” গ্ৰন্থখনিত সন্নিৱিষ্ট প্ৰবন্ধ সমূহৰ বিষয়বস্তু বাস্তৱভিত্তিক আৰু অভিজ্ঞতালব্ধ য’ত কল্পনা আৰু আৱেগৰ স্থান সদায় গৌন হৈ পৰিছে। সেয়ে পাঠকৰ বাবে বেছি উপভোগ্য কৰি তোলাৰ অৱকাশ আছে। আৰম্ভণিতে  সুন্দৰ সংযোজন ঘটোৱাত লেখিকা সফল হৈছে তাৰেই যেন পৰিস্ফুট উদাহৰণ…   “মই কোনো সংকোচ নকৰাকৈ তেওঁৰ হাতখন নিজৰ হাতৰ মুঠিত ল’লোঁ।এই দুখন হাত যেতিয়া আগতে মোক কোলাত ল’বলৈ তেওঁ আগবঢ়াই দিছিল তেতিয়া মই দৌৰি পলাইছিলোঁ,কাৰণ তেওঁৰ দুহাতৰ পৰা কেচা মাছৰ গোন্ধ নিগৰি আহিছিল।তামোলৰ পিকেৰে ৰঙা হোৱা দুই ওঁঠেৰে তেওঁ যেতিয়া চুমা খাইছিল,তেতিয়া ঘঁহি ঘঁহি গাল দুখন ধুই পেলাইছিলোঁ… পৰা হ’লে সময়ৰ পৰা যেন মই সেই মূহুৰ্তবোৰ পুনৰ বিচাৰি ল’লোঁহেতেন!”( বগলী সূতাৰ চাদৰখন)

এই গ্ৰন্থখনৰ  লিখনীবোৰত কেতিয়াবা যদি  কথা-কবিতাৰ দৰে আকৌ কেতিয়াবা  গল্পৰ দৰে বা কেতিয়াবা  পৰে এখন অতি সংবেদনশীল ৰচনা৷ আৰম্ভণিৰ দুটামান বাক্যৰে পাঠকক লেখাটোৰ মাজলৈ সন্মোহিত কৰি লৈ যোৱাৰ ক্ষেত্ৰত এগৰাকী তীক্ষ্ণ মেধাৰ পৰিচয় দিয়া কৌশলী লেখিকা গীতালি শইকীয়াই৷ “বগলী সূতাৰ চাদৰখন”ৰ লেখাবোৰৰ কেন্দ্ৰীয় চৰিত্ৰ কেতিয়াবা যদি ভাৰতৰ বা পৃথিৱীৰ কোনো বিখ্যাত ব্যক্তিত্ব, কেতিয়াবা আকৌ আমাৰ গাঁৱৰে কোনো অনাখৰী ব্যতিক্ৰমী নাৰী অথবা পুৰুষ ৷ সকলোৰে জীৱনৰ পৰাই যে আমি মানৱ জীৱনৰ বাবে অমূল্য পাঠ ল’ব পাৰোঁ সেয়া গীতালিৰ  ’ডায়েৰি’ৰ ৰচনাবোৰৰ মাজেৰে বহিঃপ্ৰকাশ ঘটিছে। ক্লেপ্তমেনিয়াত আক্ৰান্ত এগৰাকী মহিলাৰ জীৱন বৃত্তক স্পৰ্শকৰ স্পৰ্শৰ দৃষ্টিভংগীৰে লেখিকাই বিচাৰ বিশ্লেষণ কৰিছে— ” ক্লেপ্তমেনিয়াৰ দৰে ব্যাধিত আক্ৰান্ত লোক সকলক সহানুভূতিৰে চোৱাটো নিশ্চয় প্ৰয়োজনীয় ।মই আজি অনুতপ্ত যে সেইদিনা সৰ্বাণীৰ ফোন নম্বৰটো খুজিবলৈ লাজ কৰিলোঁ। আচলতে চুৰ কৰি ধৰা পৰা মহিলা এগৰাকী মোৰ বান্ধবী বুলি আনক পৰিচয় দিবলৈ মই লাজ পাইছিলোঁ। কিন্তু সেয়া মোৰ ভুল আছিল।”        যোৱা ৭ জানুৱাৰীত অসম গ্ৰন্থমেলাৰ বাকৰিত উদ্ধাৰ হোৱা   ‘ বগলী সূতাৰ চাদৰখন’ …শীৰ্ষক গ্ৰন্থখনত মুঠ ৬০ টা অধ্যায় সন্নিবিষ্ট হৈছে।  বাস্তৱ সাহিত্যইহে সমাজ পৰিৱৰ্তন সম্ভৱ হ’ব পাৰে।   বহুতে ড° গীতালি শইকীয়াৰ  ডায়েৰীৰ বিষয়বোৰ কিতাপৰ ৰূপত  বিচাৰিছিল।সেয়ে গ্ৰন্থৰ ৰূপ পালে ডায়েৰীৰ বিষয়বস্তুৱে। প্ৰয়াত কথাশিল্পী অসমীয়া সাহিত্যত নতুন যুগৰ শ্ৰষ্টা আৰু দ্ৰষ্টা হোমেন বৰগোহাঞিৰ কৰকমলত উৎসৰ্গিত “বগলী সূতাৰ চাদৰ খন” এখন প্ৰকৃতাৰ্থতবহুল তথ্য সমৃদ্ধ  গ্ৰন্থ। ইয়াত পাঠকে বহুতো নোপোৱা তথ্য বিচাৰি পাব। গ্ৰন্থখনৰ প্ৰতিটো লিখাই আপোনাক এনে ভাবে আগবঢ়ায় নিব, আপুনি আচলতে কিতাপখন পঢ়ি আছে নে কিতাপখনত থকা ঘটনাবোৰ দেখি আছে ধৰিবই নোৱাৰিব। কিতাপখনৰ পৰা সকলো শ্ৰেণীৰ মানুহেই শিকিবলগীয়া বহুতো তথ্য মজুত আছে। সেয়েহে এই গ্ৰন্থখন সকলোৱে সংগ্ৰহ কৰা উচিত হ’ব বুলি ভাৱো। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা ২৩৯ পৃষ্ঠাৰ গ্ৰন্থখনৰ মূল্য ২৬০/= টকা 

Leave A Reply