Breaking

গ্ৰন্থ আলোচনা শুকুৰাম দাসৰ “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ…

0 30

দীৰ্ঘকাল ওকালতি আৰু প্ৰাকৃতিক চিকিৎসাৰ সৈতে জড়িত প্ৰয়াত শুকুৰাম দাসৰ সদ্য প্ৰকাশিত “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ” কিতাপখন পঢ়িলো। নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ স্বৰ্গীয় দুৰ্গাৰাম দাস আৰু দাখৰী দাসৰ জ্যেষ্ঠ সন্তান শুকুৰাম দাস পেচাত এগৰাকী অধিবক্তা আৰু প্ৰাকৃতিক চিকিৎসক। দুৰাৰোগ্য কৰ্কট ৰোগৰ পৰা মানুহে কেনেদৰে আৰোগ্য লাভ কৰিব পাৰে বনৌষধিৰে, সেই সাধনাতেই তেওঁ জীৱনৰ সৰহখিনি সময় পাৰ কৰিছিল।

বনৌষধিৰে চিকিৎসা কৰি শুকুৰাম দাসে বহুতো কেঞ্চাৰ ৰোগীক সুস্থ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই বনৌষধিক ইতিমধ্যে ভাৰত চৰকাৰৰ National Biodiversity Authority য়ে স্বীকৃতি দিছে আৰু শুকুৰাম দাসে কেঞ্চাৰ ঔষধ আৱিষ্কাৰ কৰা বুলি প্ৰকাশ কৰিছে। এই ঔষধৰ পেটেণ্ট আৰু কেঞ্চাৰ ঔষধ আৱিষ্কাৰ কৰা বুলিও প্ৰকাশ কৰিছে। এই ঔষধৰ পেটেণ্ট কেঞ্চাৰ ঔষধ আৱিষ্কাৰৰ ঘোষণা সম্প্ৰতি কেবিনেটৰ টেবুলত পৰি আছে।

জীৱনজোৰা সাধনাৰ ফলত লক্ষত উপনীত হোৱাৰ সময়তে এইগৰাকী প্ৰাকৃতিক চিকিৎসকৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেখেতে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ আৰু এই সম্পকীয় তিতা মিঠা অভিজ্ঞতাৰে “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ?” শীৰ্ষক কিতাপখন যুগুত কৰে যদিও হঠাতে তেখেতৰ মৃত্যু হোৱাত তেখেতে কিতাপখন চপা অৱস্থাত দেখা নাপালে। তেখেতৰ মৃত্যুৰ পিছত নগাঁৱৰ “ৰণাংগণ প্ৰকাশনে” কিতাপখন প্ৰকাশ কৰা উলিয়ায়। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ অতি বেছি। শুকুৰাম দাসৰ এই কিতাপখনে মানুহৰ মনৰ পৰা এই ৰোগৰ প্ৰতি থকা শংকাভাৱ দূৰ কৰিব। ৭২ পৃষ্ঠাৰ এই কিতাপখনৰ মূল্য ২৫০ টকা মাত্ৰ।

Leave A Reply