Breaking

শিশু সাহিত্য ন্যাসৰ গ্ৰন্থ উন্মোচন আৰু বঁটা বিতৰণ…

0 92

অসম শিশু সাহিত্য ন্যাসৰ সচিব হষীকেশ গোস্বামীয়ে জনাইছে যে ন্যাসে এইবাৰ ২০২১-২০২২ বৰ্ষত ১৮ খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী তথা অসম শিশু সাহিত্য ন্যাসৰ সভাপতি ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থসমূহ উন্মোচন কৰাৰ লগতে ২০১৯-২০ বৰ্ষত আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্তসকলক সম্বৰ্ধনা পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

উন্মোচিত গ্ৰন্থসমূহ— ৰজনীকান্ত শৰ্মাৰ ‘কুৰি শতিকাৰ বৰেণ্য অসমীয়া’ আৰু ‘অকণিৰ মহাভাৰত’; নীলিমা বৰাৰ ‘কাচনমতী’; বন্তি বৰঠাকুৰ বৰুৱাৰ ‘টুপী পিন্ধা বান্দৰ’; ননী মজুমদাৰৰ ‘বাবা ৰণ্টু আৰু যূতিৰ কথাৰে’; হিৰণ শইকীয়া লহকৰৰ ‘জননী জন্মভূমি স্বৰ্গাদপী গৰীয়সী’ আৰু ‘সোণালী শৈশৱৰ সুবাস’; বন্দিতা ফুকনৰ ‘লকডাউনত সোণটিহঁত’, ‘টুনাহঁতৰ কথাৰে’ আৰু ‘সখি’; কুঞ্জলতা মেধিৰ ‘চিঠি’; বনশ্ৰীদেৱী গগৈৰ ‘জিক্‌ জিক্‌ নামৰ ভূত পোৱালিটো’; দেৱযানী ভাগৱতী নাথৰ ‘পু-লান-চি’; ৰামানুজ দত্ত চৌধুৰীৰ ‘শিপাৰ সন্ধানত’; গীতাঞ্জলি দাসৰ ‘সাধুৰ দেশ’; হষীকেশ গোস্বামীৰ ‘পথ-প্ৰদৰ্শক’, ‘ভলতেয়ৰ’ আৰু ‘আমাৰ দেশৰ মহান নেতা’। ২০১৯-২০ বৰ্ষত তিনিটা শাখাত পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

কল্পনা উদ্দীপক কাহিনী শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ক্ষিপ্ৰকল্প গগৈ, দ্বিতীয় পুৰস্কাৰ অঞ্জনা দত্ত, তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে মল্লিকা বেগম আৰু দেৱযানী ভাগৱতী নাথ আৰু নিচুকনি বঁটা লাভ কৰে গন্ধেশ্বৰ শইকীয়াই। দুঃসাহসিক অভিযান শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৃদুল কুমাৰ দাস, দ্বিতীয় পুৰস্কাৰ ড০ দিব্যজ্যোতি ওজা আৰু তৃতীয় পুৰস্কাৰ ভবেন চন্দ্ৰ কোচে। বুৰঞ্জীমূলক কাহিনী শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে অনন্ত কুমাৰ শৰ্মা, দ্বিতীয় পুৰস্কাৰ ড০ জ্ঞানদীপ শইকীয়া আৰু তৃতীয় পুৰস্কাৰ দীপা বৰুৱাই। উক্ত সভাত বিশিষ্ট সাহিত্যিকসকলৰ লগতে অসম শিশু সাহিত্য ন্যাসৰ উপ-সভাপতি, অন্তঃৰাষ্ট˜ীয় খ্যাতিসম্পন্ন সাহিত্যিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত, শিশু সাহিত্যিক, অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট লেখিকা বন্দিতা ফুকন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব প্ৰজ্ঞা চহৰীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

Leave A Reply