Breaking

ৰিমচ্ সাহিত্য চ’ৰাৰ সৌজন্যত প্ৰবন্ধ গ্ৰন্থ উন্মোচন

0 69

মহানগৰীৰ মঠঘৰীয়াৰ “ৰিমচ সাহিত্য চ’ৰা” ৰ উদ্যোগত দেওবাৰে দিনৰ ৩ বজাত মঠঘৰীয়াস্থিত “দেৱ-ধৰ্ম লয়”” ক্ষেত্ৰত উক্ত সাহিত্য চ’ৰাৰ সভাপতি কবি যোগেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তীৰ পৌৰোহিত্যত ৰিমচৰ সচিব জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ ৰচিত “সৰা ফুলৰ সুৰভি” শীৰ্ষক প্ৰবন্ধ গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয়। “ৰিমচ” ৰ সম্পাদক হীৰেণ কুমাৰ ভট্টাচাৰ্য্যই আতঁ ধৰা সভাত গনেশ বন্দনা পৰিবেশন কৰে গিৰিজানন্দ মিশ্ৰয় আৰু লগত বাদ্য যন্ত সহায় কৰে ইলামিশ্ৰ, জোৎস্না ফুকনে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে সভাৰ কাৰ্য্যসূচী মুকলি কৰি, চক্ৰৱৰ্ত্তীদেৱৰ স্বৰ্গীয় ক্ৰমে পিতৃ-মাতৃ, শহুৰ-শাহুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অচলা গোস্বামীয়ে, লগতে সংস্কৃত স্তোত্ৰ পাঠ কৰে বন্দনা চক্ৰৱৰ্ত্তীয়ে।

গ্ৰন্থ উন্মোচনৰ মূহুৰ্তত পুষ্প পত্ৰৰ ওপৰত উন্মোচনী কৰিব লগা কাব্যগ্ৰন্থৰ তোপোলাটো ফুলেৰে সজ্জিত কৰি ধুপ, বন্তি জ্বলাই মঞ্চলৈ আগবঢ়াই লৈ যায় সান্ত্বনা চক্ৰৱৰ্তী, কনমানি ৰাজ বৰ্মনে, জিতেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তীয়ে শঙ্খ, ঘন্তা বজাই, আয়তি সকলে উৰুলি ৰ ধ্বনিদি আগবঢ়াই লৈ যায় মঞ্চত থকা ড০ থানেশ্বৰ শৰ্মা দেৱৰ হাতত অৰ্পন কৰে। ড০ শৰ্মা দেৱে প্ৰবন্ধ গ্ৰন্থ উন্মোচন কৰি ভাষণ ৰাখে। মুখ্য অতিথিৰ ভাষণ ৰাখে প্ৰাক্তন অধ্যাপিকা ড০ অনিমা বৰাই, বিশিষ্ট অতিথিৰ ভাষন ৰাখে বিশিষ্ট গল্প লেখিকা-সমাজ সেৱিকা প্ৰনিতা শৰ্মাই, নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে লেখিকা-সমাজ সেৱিকা ববিতা বৈশ্য লহকৰে।

ভাষণ ৰাখে ৰিমচ ৰ‌ উপ-সভাপতি লেখক বিচিত্ৰ গোস্বামী, দীনেশ বৰ্মনে ভাষন ও কবিতা পাঠ কৰে। কবিতা আবৃত্তি কৰে, জিতেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী, কবিতা পাঠ কৰে কনমানি ৰোনাভ ভৰদ্বোৱাজ। সঙ্গীত পৰিবেশন কৰে মীনা ভট্টাচাৰ্য্য, নিধন বৰ্মন, ৰিমচ ৰ কাৰ্য্যকাৰি সভাপতি জয়ন্ত বৰপুজাৰি, মনিমা ভাগৱতী, কনমানি ঈশান জ্যোতি ভাগৱতীয়ে। সভাপতিৰ সু-ভাষনে সকলোকে আপ্লুত কৰে। সম্পাদকে শলাগৰ শৰাই আগবঢ়াই।

Leave A Reply