Breaking

নগাঁৱৰ হালোৱাগাঁৱত সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱস উদযাপন শতাধিক গণ্য-মান্য ব্যক্তিক সম্বৰ্ধনা : গ্ৰন্থ উন্মোচন

0 2,069

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ও  চলচলি শাখা সাহিত্য সভাৰ সৌজন্যত আৰু অসম নাট্য সন্মিলনৰ চলচলি শাখাৰ সহযোগত আজি বঢ়মপুৰৰ সমীপৰ হালোৱাগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় । এই উপলক্ষে বিয়লি নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি, বিশিষ্ট লেখক থগিত চন্দ্ৰ মহন্তৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় । স্থানীয় কলা-কুশলীৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী ” গীত পৰিবেশনেৰে আৰম্ভ হোৱা মুকলি সভাখনৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই । চলচলি শাখা সাহিত্য সভাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্যে বাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই । সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰে অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি কয় যে , জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমৰ জাতিসত্বা গঢ়াৰ এগৰাকী অগ্ৰণী পুৰুষ । গীতৰ কথাৰে , নাটকৰ ভাষাৰে , চলচ্চিত্ৰৰ চিত্ৰনেৰে ৰূপকোঁৱৰে জাতীয় চেতনা জাগ্ৰত আৰু নতুন অভিধা সৃষ্টি কৰিছিল । বৰ্তমান অসমীয়া জাতি উটি-ভাঁহি গৈছে । জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতি কৰিছিল আৰু আমি অসমীয়া মানুহে বহুজনেই দু-সংস্কৃতি কৰি আছো । এই সভাতে লেখিকা অমিয়া গোস্বামীৰ দ্বাৰা ৰচিত “বিয়ানাম ” নামৰ গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱেশ মেধিয়ে । ইয়াৰ উপৰি সভাতে চলচলিকে ধৰি অঞ্চলটোৰ কলা-সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত জ্যেষ্ঠ ব্যক্তি ক্ৰমে গোলাপ বৰা , লচিকান্ত শইকীয়া , মনেশ্বৰ বৰা , পদ্মৰাম বৰা , তৰুণ শইকীয়া, গোলাপ সূতকে ধৰি শতাধিক গণ্য-মান্য ব্যক্তিক উদ্যোক্তাসকলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।  সভাত বিশিষ্ট অভিনেত্ৰী আশা বৰদলৈ , শিশু সাহিত্যিক দুলাল বৰা , কলংপাৰ শাখা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ গোস্বামী , প্ৰণৱ কুমাৰ বৰা আদিকে প্ৰমুখ্যে কৰি বহু গণ্য-মান্য ব্যক্তি ও কেইবাশতাধিক লোক উপস্থিত থাকে । সভাৰ পূৰ্বে জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত ক্ৰমে সুকন্যা শইকীয়া , খ্যাতি বৰা , স্তুতিৰঞ্জনা বৰা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ক্ৰমে কস্তুৰী দেৱী , পংখি বৰা আৰু চানডুবি বৰাক পুৰস্কাৰ প্ৰদান কৰা হয় । ইফালে নিশালৈ লেছেৰী সাংস্কৃতিক আৰু ক্ৰীড়া বিকাশ গোষ্ঠীৰ ব্যৱস্থাপনাত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে পুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী শুভাৰম্ভ হোৱা পিছত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চলচলি শাখা সাহিত্য সভাৰ সভাপতি আব্দুৰ ৰহিম হাজৰিকাই । ইয়াৰ পিছত আদৰণি সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ দাসৰ দ্বাৰা স্মৃতি তৰ্পনৰ অন্তত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Leave A Reply