Breaking

আধিগম শিক্ষা কেন্দ্ৰৰ গ্ৰন্থ উন্মোচন…

0 65

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বহুমুখী প্ৰতিষ্ঠন আধিগম শিক্ষা কেন্দ্ৰৰ উদ্যোগত প্ৰথম বৰ্ষপূতি আৰু শিক্ষক দিৱস উপলক্ষে আজি অঞ্চলটিৰ শিক্ষা গুৰু সকলক গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয়।আধিগম শিক্ষা কেন্দ্ৰৰ সঞ্চালক অৰূপ জ্যোতি ৰাভাই পৰিচালনা কৰা অনুষ্ঠান খনৰ টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ঘতেশ্ব বৰুৱাই ভাষণৰ প্ৰসংগত কয় যে
শ্ৰদ্ধাত শিক্ষা জন্মে, সমাজ বিহীন শিক্ষা প্ৰকৃত শিক্ষা নহয় ।


শিক্ষা লগত দীক্ষা থাকিব লাগিব তেতিয়াহে প্ৰকৃত শিক্ষাৰ মান দণ্ড বৰ্তি থাকিব বুলি কয়।উক্ত অনুষ্ঠান খনতে হৰিশিঙা ৰাজহ চক্ৰৰ চক্ৰবিষয়া মনীষা নাথে গৌৰী শংকাৰ দাস আৰু ফটিক ৰাভাই সম্পাদনা কৰি উলিওৱা মুখপত্ৰ “আধিগম”উন্মোচন কৰে।আনহাতে ছাত্র- ছাত্ৰীৰ গীত নৃত্যই অনুষ্ঠানখন জীপাল কৰি তোলে।

টংলাৰ পৰা অৰূপ বড়োৰ ৰিপোৰ্ট

Leave A Reply