Breaking

মালিগাঁৱত “ডাইনী হত্যা প্ৰতিৰোধ কৰা সাহসী নাৰী ডঃ বীৰুবালা ৰাভা” শীৰ্ষক গ্ৰন্থ উন্মোচন…

0 30

মহানগৰীৰ মালিগাঁৱৰ পুৰণি অনুপমা চিনেমা হলৰ সভাগৃহত ২১ জানুৱাৰীত আয়োজিত এক অনুষ্ঠানত মালিগাওঁৰ মাধৱ দেৱ নগৰ নিবাসী, বিশিষ্ট লেখিকা, আৰু নৃত্যশিল্পী টুটুমণি নাথ মেধিৰ ষষ্ঠখন গ্ৰন্থ ‘ডাইনী হত্যা প্ৰতিৰোধ কৰা সাহসী নাৰী ডঃ বীৰুবালা ৰাভা’ শীর্ষক জীবনীমূলক গ্রন্থখন উন্মোচন কৰা হয়। গ্রন্থখন উন্মোচন কৰে পদ্মশ্রী ডঃ বীৰুবালা ৰাভাই। অনুষ্ঠানটোত ভাষণ প্রসংগত পদ্মশ্রী ডঃ বীৰুবালা ৰাভাই লেখিকাৰ এই প্রচেষ্টাৰ শলাগ লয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্রাক্তন সম্পাদক ডঃ জগদীশ পাটগিৰী আৰু ভ্ৰাম্যমাণৰ প্রথম নেপথ্য গায়িকা, গীতিকাৰ তথা অভিনেত্রী বেণু দত্ত বৰফুকন। আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে ডঃ বীৰুবালা ৰাভাক এখন শৰাই আৰু গামোচাৰে সম্বৰ্দ্ধনা জনাই লেখিকা টুটুমণি নাথ মেধিয়ে।

Leave A Reply