Breaking

জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা ; প্ৰকাশ পালে গুণ ভূঞাৰ ‘নাট সংকলন’ আৰু ৰীতা বৰুৱাৰ ‘নিৰ্বাচিত কবিতা’

0 1,486

জামুগুৰিহাট,৩০ নৱেম্বৰ: সমাজ, সাহিত্য সংস্কৃতিৰ উৰ্বৰ ভূমি ঐতিহ্যমণ্ডিত জামুগুৰিহাটত যোৱা ২৯ নৱেম্বৰত বাপুজী ভৱনত প্ৰথিতযশা কবি ৰীতা বৰুৱা আৰু জামুগুৰিহাটৰ বিশিষ্ট নাট্যকাৰ প্ৰয়াত গুণ ভূঞাৰ একোখনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। সেই উপলক্ষে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে আলাপৰ সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যাপক হেমন্ত বৰাই আৰু উন্মোচকৰ আসন অলংকৃত কৰে ক্ৰমে বিশিষ্ট নাট্য শিল্পী ভবেন বৰা আৰু শিশু সাহিত্যিক, কবি দিলীপ কুমাৰ ভট্টাচার্যই। আলাপৰ সম্পাদক বিকাশ বৰাই আঁতধৰা আৰু কণ্ঠশিল্পী অকুণ্ঠিতা গাৰ্গৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নৱ নিৰ্বাচিত উপ সভাপতি দুলদুল বৰকটকীয়ে। উল্লেখ্য যে সভাৰ প্ৰাক ক্ষণত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। স্মৰণ যোগ্য যে ৬০ ৰ পৰা ৮০ দশকত জামুগুৰিহাটৰ নাট্য আন্দোলনৰ অন্যতম কাণ্ডাৰী আছিল নাট্যকাৰ গুণ ভূঞা। সেই সময়ত পৰিবহন বিভাগৰ জামুগুৰিহাটৰ বাচ আস্থানত কৰ্মৰত এইগৰাকী নাট্যকাৰে এহাতে যাত্ৰীৰ বাবে টিকট আৰু আনহাতে কলম লৈ লিখি উলিয়াইছিল ইখনৰ পিছত সিখন নাটক। সেইসময়ত অসমৰ বিভিন্ন মঞ্চত অনুষ্ঠিত একাংশ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী নাট্যকাৰৰে অন্য এক কৃতিত্ব পূৰ্ণাংগ নাটসমূহ। প্ৰায় একুৰিৰো অধিক একাংক নাট আৰু দহখনকৈ পূৰ্ণাংগ নাট ৰচনাৰে অসমৰ নাট্য সাহিত্য লৈ বিশেষ অৱদান আগবঢ়োৱা গুণ ভূঞাৰ পাঁচখন নাট সন্নিবিষ্ট কৰি তেখেতৰ জীয়ৰী বিশিষ্ট কবি ৰীতা বৰুৱাই সম্পাদনা কৰা “গুণ ভূঞাৰ পাঁচখন নাটকৰ সংকলন” উন্মোচন কৰে বিশিষ্ট নাট পৰিচালক, চিন্তাবিদ ভবেন বৰাই। আনহাতে একেখন সভাতে অসমৰ সাম্প্রতিক সময়ৰ এগৰাকী অগ্ৰণী কবি ৰীতা বৰুৱাৰ “নিৰ্বাচিত কবিতা” উন্মোচন কৰে বিশিষ্ট কবি আৰু সমালোচক দিলীপ কুমাৰ ভট্টাচাৰ্যই। ৰীতা বৰুৱাৰ নিৰ্বাচিত কবিতা নামৰ সংকলনটো উন্মোচন কৰি তেখেতে বক্তব্যত কয় যে, ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনাত হাত দিয়া ৰীতা বৰুৱা জনপ্ৰিয় সাহিত্য আলোচনী প্ৰান্তিকৰ এগৰাকী নিয়মীয়া কবি হিচাপে অসমৰ কাব্য জগতৰ জনপ্ৰিয়। ইতিমধ্যে পাঁচখনকৈ কবিতা সংকলন প্ৰকাশ কৰা ৰীতা বৰুৱা সম্প্ৰতি ৰাজ্যখনৰ এক বহুল চৰ্চিত কবি। তেওঁৰ সাম্প্ৰতিক কবিতা ” আৰু কোনো নাৰী গান্ধাৰী ন’হবা”ই ৰাজ্যৰ বিদ্বৎ মহলত বহুলভাবে সমাদৰ লাভ কৰিছে। এক গাম্ভীর্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি দুলদুল বৰকটকীৰ উপৰিও শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই অভিযন্তা ৰুণ কুমাৰ বৰুৱা,  বাপুজী ভৱন নাট্য সমাজৰ সভাপতি জনাৰ্দন ভূঞা, সাংবাদিক, লেখক ৰাতুল ভূঞা, প্ৰবীণ সমাজকৰ্মী নগেন কলিতা আদিয়ে। একোটাকৈ গীত পৰিবেশনেৰে সভাখন সতেজ কৰি তোলে বিশিষ্ট কণ্ঠশিল্পী খনীন্দ্ৰ ডেকা আৰু গীতা ভূঞাই। আনহাতে একেখন সভাতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৬ বৰ্ষৰ গোটৰ তৰফৰ পৰা কবি ৰীতা বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাখন সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে আলাপৰ উপ সভাপতি বিশিষ্ট সাংবাদিক বেদব্ৰত বৰা, যুটীয়া সম্পাদক ৰবীন ভূঞা প্ৰমুখ্যে উদ্যোক্তা সকলে।

Leave A Reply