Breaking

নগাঁৱত ক’ভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

0 2,022

 দেশৰ বাকী অংশৰ লগতে নগাঁৱতো চিকিৎসক তথা স্বাস্থ্যকৰ্মী, ক’ভিড প্ৰতিৰোধ অভিযানৰ সন্মুখশাৰীৰ কৰ্মী (ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ) আৰু গুৰুতৰ উপসৰ্গ (ক’মৰ্বিডিটী) থকা ৬০ বছৰতকৈ অধিক হোৱা যোগ্য হিতাধিকাৰীসকলৰ বাবে ক’ভিড ১৯ ভেকছিনৰ সুৰক্ষাসূচক পালি (প্ৰিক’চন পালি) নগাঁৱৰ বি.পি অসামৰিক চিকিৎসালয়ত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰশান্ত বৰুৱাই পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

অনুষ্ঠানটোত নগাঁৱৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া আৰু কৰ্মীসকলেও অংশগ্ৰহণ কৰে।

Leave A Reply