লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল সমাপ্ত; লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ চেম্পিয়ন

কাৰ্বি আংলং জিলাৰ লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত বড়ো শ্বহীদ ন্যাসৰ সৌজন্যত আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত দেওবাৰে সামৰণি পৰা ২৬সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত লাংহিন তিনিআলি ক্ৰীড়া সন্থা (এল টি এছ এ)-“এ” দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে৷

এই প্ৰতিযোগিতাৰ ফাইনেলত এল টি এছ এ-“এ”দলে এল টি এছ এ-“বি”দলক ৩-১গ’লত পৰাজিত কৰে৷ খেলখনৰ ২৯মিনিটতে এল টি এছ এ-“এ”দলে এটা আত্মঘাটি গল হজম কৰিবলগীয়া হৈছিল যদিও পিছত এল টি এছ এ-“এ” দলৰহৈ ৫৪ আৰু ৭৭মিনিটত জিৰঝাৰ টেৰণে দুটা আৰু ৮০মিনিটত মুনীন গয়াৰীয়ে এটাকৈ গল স্ক’ৰৰে নিজ দলৰ ৩-১গলত বিজয় নিশ্চিত কৰে৷

খেলখন পৰিচালনা কৰাত ৰেফাৰী নিজম তামুলাৰীক সহায় কৰে ধনেশ শ্বাহ, ব্ৰজেন টিমুং আৰু দিপ্লু বসুমতাৰী(চতুৰ্থ)য়ে৷

প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, সাহিত্য একাডেমী বঁটাপ্ৰাপক ড° প্ৰেমানন্দ মুছাহাৰী, এল টি এছ এৰ উপদেষ্টা তৰুণ চন্দ্ৰ বসুমতাৰী, লাংহিন পৌৰসভাৰ সভাপতি কমল ব্ৰহ্ম, বিশিষ্ট সমাজ সংগঠক শান্তনু বসুমতাৰী, ৰত্নাকৰ স্বৰ্গীয়াৰী, নাৰায়ণ বসুমতাৰী, কিৰণ বসুমতাৰী আৰু টংকেশ্বৰ খাখলাৰী আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷

উল্লেখ্য যে, এল টি এছ এ-“এ”দলৰ বিৰজন গয়াৰীয়ে শ্ৰেষ্ঠ গ’লৰক্ষক, মুনীন গয়াৰীয়ে সৰ্ব্বোচ্চ গলদাতা আৰু বিশ্বজিত স্বৰ্গীয়াৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে৷

Related Articles