Breaking

লেখাপানীৰ হাছাকত বক্সিং প্ৰশিক্ষণ শিবিৰ মুকলি

0 2,049

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাছাক জাতীয় বিদ্যালয় খেল পথাৰত লিডু বক্সিং একাডেমিৰ উদ্যোগত ১ মহীয়া  প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে । প্ৰশিক্ষক প্ৰশিক্ষক বাবলু গড়ৰ নেতৃত্বত প্ৰদান কৰা হব বিনামূলীয়া বক্সিং প্ৰশিক্ষণ।উঠি অহা নব প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উপৰিও ভিতৰুৱা গাঁও সমূহৰ পৰা যুৱক-যুৱতী সকলক প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে সফল কৰি তোলাৰ লগতে যাতে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হয় তাৰে প্ৰয়াস বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক গৰাকীয়ে।এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী সুনীল গুৰুং , প্ৰশিক্ষক অৰুণ গড় ,ৰাষ্ট্ৰীয় খেলুৱৈ নৱনীতা মজুমদাৰ আৰু ৰশ্মি গড়।

Leave A Reply