Breaking

ৰাছিয়াৰ পৰা অহা ক’ৰণা ভেকচিন বৰ্জন কৰক! পুটিনৰ আদেশ…

0 61

ৰাছিয়াৰ পৰা অহা ক’ৰণা ভেকচিন অনতিপলমে ধ্বংস কৰক! সঁচাকৈয়ে পুটিনে এনে আদেশ দিছেনে?
ভ্লাদিমিৰ পুটিনৰ এটা টুইট। টুইটো বৰ্তমান ভাইৰেল হৈ আছে। টুইটোত কোৱা হৈছে যে ৰাছিয়াত এইচ আই ভি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক কৰ’না আক্ৰান্তৰ সৈতে। এই কাৰণেই ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ক’ৰ’না ভেকচিন ধ্বংস কৰাৰ নিৰ্দেশ জাৰি কৰিছে।ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ মাজতে ছ’চিয়েল মিডিয়াত পুটিন সম্পৰ্কে এক চাঞ্চল্যকৰ বাৰ্তা ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই বাৰ্তাত স্পষ্টকৈ লিখা আছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজৰ দেশতে ক’ৰোনা ভেকচিন সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ নিৰ্দেশ দিছে। দাবী কৰা হৈছে যে পুটিনে সমগ্ৰ ষ্টকটো ধ্বংস কৰিবলৈ কৈছে। এই দাবীৰ সমান্তৰালকৈ ছচিয়েল মিডিয়াতো এটা প্ৰবন্ধ পেজ শ্বেয়াৰ কৰা হৈছে।

২০২০ চনত ঠেলি দিয়া এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই আৰু যোৱা দুই-তিনি দিনত ভাৰতৰ বহু ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা গৈছে। ২৪ ঘন্টাত মহাৰাষ্ট্ৰত দুগুণ বৃদ্ধি পালে কৰ’না আক্ৰান্তৰ সংখ্যা। একে সময়তে যোৱা এসপ্তাহত বিশ্বজুৰি ৯ লাখ ক’ৰোনা আক্ৰান্তৰ পঞ্জীয়ন হৈছে।ইফালে ছ’চিয়েল মিডিয়াত এক বাৰ্তাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লেখাটোত এই আধাৰত উল্লেখ কৰা হৈছে যে ৰাছিয়াত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক কৰ’না ৰোগীৰ সৈতে। এই কাৰণেই ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ক’ৰোনা ভেকচিন ধ্বংস কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

অৱশ্যে এক বাৰ্তালাপত ৰাছিয়াৰ দূতাবাসৰ মুখপাত্ৰ দিমিত্ৰী ছ’লোডভে কয় যে ইয়াৰ বিষয়ে সোধা-পোছা কৰা হৈছিল যদিও সেয়া সম্পূৰ্ণ ভুৱা বাতৰি বুলি প্ৰমাণিত হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এনে কোনো আদেশ জাৰি কৰা নাই। বৰঞ্চ ৰাছিয়াত স্পুটনিক ভি ভেকচিনৰ যোগান বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে দেশখনত উপস্থিত ৬০ বছৰৰ ওপৰৰ লোকসকলক এই ভেকচিন গ্ৰহণ কৰিবলৈ বিশেষ নিৰ্দেশ দিছে।

Leave A Reply