Breaking

নগৰবেৰাত ফেচবুকত প্ৰেমিকাৰ আপত্তিজনক ভিডিঅ ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হল প্ৰেমিক

0 2,042

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আৰক্ষীয়ে আটক কৰিলে প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰা প্ৰেমিকক। জানিব পৰা মতে বাংগালোৰত বি-ফাৰ্মত অধ্যয়নৰত ছাত্ৰ জাহিদুল ইছলামে মোবাইল যোগে নগৰবেৰা অঞ্চলৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ সতে প্ৰথমে চিনাকি হয় তাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পাছলৈ কিবা কাৰণত প্ৰেমত ফাঁট মেলাত প্ৰেমিক জনে ফেচবুক ফেক একাউণ্ট খুলি প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰে। নগৰবেৰা অঞ্চলৰ প্ৰেয়সীৰ মাতৃয়ে দিয়া এক এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আটক কৰে অসম-বাংলাদেশ সীমান্তৰ সুখচৰ আৰক্ষী থানা এলেকাৰ বেৰাভঙা গাঁৱৰ জাহিদ মণ্ডল ওৰফে জাহিদুল ইছলাম নামৰ যুৱক জনক। ঘটনাটোক লৈ নগৰবেৰা অঞ্চলত অব্যাহত আছে চাঞ্চল্য।

Leave A Reply