Breaking

প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক

0 58

ছয়গাঁৱৰ বালাগাঁও চৰত চাঞ্চল্যকৰ ঘটনা৷ প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক ৷২ মাৰ্চত নিৰুদ্দেশ হৈছিল বালাগাঁও চৰৰ আশ্ৰৱ আলীৰ নাবালিকা কন্যা সন্তান আছমিনা খাতুনে ৷ উক্ত নাবালিকাই প্ৰেমৰ জালত পৰিছিল একে গাঁৱৰে ৰহিজ দেৱানীৰ পুত্ৰ লম্পট ওছমান গণি নামৰ যুৱকজনৰ৷

দুই প্ৰেমিক প্ৰেমিকাৰ কাজিয়াৰ চৰম পৰিনতিত প্ৰেমিক ওছমান গণিয়ে প্ৰেমিকা আছমিনা খাতুনক হত্যা কৰি পলাশবাৰী সমষ্টিৰ ভেৰভেৰী চৰত হাত -ভৰি বান্ধি অতি নিৰ্মভাৱে হত্যা কৰি বালিচৰত পুতি থৈ ওছমান গনিয়ে পলায়ন কৰি পাইছিলগৈ বহিঃ ৰাজ্যৰ চেন্নাই৷

ঘটনা সংক্ৰান্তত কিশোৰীগৰাকীৰ পৰিয়ালে শুৱালকুছি নদী আৰক্ষী থানাত দাখিল কৰা গোচৰৰ ভিত্তিত বহিঃৰাজ্যৰ চেন্নাইৰ পৰা বিমানযোগে গুৱাহাটীলৈ লৈ আনে ওছমান গণিক ৷ প্ৰেমিকৰূপী হত্যাকাৰী ওছমান গণিৰ স্বীকাৰোক্তিৰ ভিত্তিত পলাশবাৰী ভেৰভেৰীৰ বালি চৰত পুতি থোৱা অৱস্থাত নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰ অভিযানত সংগ দিয়ে পলাশবাৰী চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক শুৱালকুচি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ লগতে এটা বৃহৎ নিৰাপত্তা বাহিনীৰ দল ৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে মৃত নাবালিকা গৰাকীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

Leave A Reply