Breaking

ওৰাঙত বি পি এফৰ নিৰ্বাচনী কাৰ্য্যলয় মুকলি

0 2,055

ওদালগুৰি জিলাৰ ওৰাঙত ২১মাৰ্চত  বি পি এফৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্ধোধন  অনুষ্ঠান হৈ যায় ৷ কাৰ্য্যলয়টো শুভ উদ্বোধন কৰে ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাচঁনৈ চেৰফাং সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে ৷শুভ উদ্বোধন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ধনশ্ৰী সমষ্টিৰ এম চিএল এ ফ্লেছ মোছাহাৰীয়ে কয়  যে  -এইবাৰ নিৰ্বাচনত ইউ পি পি এল,বিজেপি আৰু জি এছ পিৰ  চৰকাৰ নাথাকিব ৷তেওঁলোকৰ মাজত কোনো বুজা পৰা হোবা নাই ৷তেওঁলোকৰ অবস্থা অতি বেয়া ৷বিজেপি আৰু ইউ পি পি এলে  এইবোৰ নাটক কৰি আছে ৷প্ৰমোদ বড়োবে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰৰ  কোনো এটাও প্ৰতিশ্ৰুতি পালন কৰা নাই ৷কোকৰাঝাৰত চাপ্লাই ,ঠিকা ঠুকুলীৰ নামত ১৫/২০শতাংশ কমিশ্যান সংগ্ৰহৰ  অভিযোগ কৰে মোছাহাৰীয়ে ৷আনকি এম জি এন ৰেগাৰ কামত  ছেয়াৰমেন সকলে চহী মাৰিবলৈ ৩শতাংশ কমিশ্যান সংগ্ৰহ কৰে ৷ এইবোৰ দুৰ্নীতি নহয় নেকী বুলি মোছাহাৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিটিআৰ চুক্তিত একো নাই ৷ বিটিআৰ  চুক্তিৰ মই এগৰাকী চিগনেটৰী হোৱাৰ লগতে মই এজন সদস্য হয় ৷মই কিয় বিপিএফ দলত আহিব লগীয়া হৈছে সেয়া আৰু বহলাই কোৱাৰো প্ৰয়োজন নাই বুলিও তেওঁ ভাষণত কয় ৷মিছা  কথা,মিছা প্ৰলোভন দিয়া বিজেপি চৰকাৰক বহ্মপুত্ৰত দলিয়াই দিব লাগে ৷এইবাৰ মহাজোঁটৰ চৰকাৰ দিশপুৰ হব বুলি ভাষনত উল্লেখ কৰে মোছাহাৰীয়ে৷অনুষ্ঠানটোত ব্লক বিপিএফৰ  সম্পাদক জ্যোতিষ কলিতা,প্ৰাক্তন চেয়াৰমেন  বেনুধৰ অধিকাৰী আদিকে ধৰি বিপিএফৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷

Leave A Reply