Breaking

ৰঙিয়াত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যসূচী…

0 14

ৰঙিয়াত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বতাহ বলা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে ৰঙিয়াৰ চেপ্তীত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো উদ্বোধন কৰে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । কাৰ্যালয়টো উদ্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ বাহিৰতো বিপিএফক সমৰ্থন দিয়া বহু ৰাইজ আছে ।

এইবছৰৰ নিৰ্বাচনত সুদীৰ্ঘ বিশ বছৰৰ পিছত বিজেপি হাৰিব বুলি আত্মবিশ্বাসেৰে কৈ নেতা গৰাকীয়ে কয় যে ৰাইজে দিলীপ শইকীয়াক বেয়া পোৱা হৈছে । বিগত সময়চোৱাত দিলীপ শইকীয়া ৰাইজৰ পৰা দুৰত্ব বজাই চলিছিল ।

গতিকে ৰাইজে এইবাৰ দিলীপ শইকীয়াক বৰ্জন কৰিব । আনহাতে বিপিএফৰ দৰং ওদালগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে ভাষণ দি কয় যে কা বলবৎ কৰাৰ পূৰ্বে আইনখন বিৰুদ্ধে অসমৰ ৰাইজে একেস্বৰে মাত মাতিছিল । এই আন্দোলনত পাঁচজনকৈ অসমীয়া স্বহীদ হ’ল । কিন্তু অসমৰ ৰাইজৰ মতৰ বিৰুদ্ধে গৈ দিল্লীত বিজেপিয়ে কা খন বলবৎ কৰিলে আৰু দিলীপ শইকীই এবাৰো ৰাইজৰ মত দিল্লীৰ আগত উপস্থাপন নকৰিলে ।

Leave A Reply