Breaking

বি,পি,এফয়ে এইবাৰ গ’ল খাই বিছনাৰ পৰা উঠিব নোৱাৰা হ’বঃ দিলিপ শইকীয়া…

0 11

সমাগত লোকসভা নিৰ্বাচন। ৰাজ্যত চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ। প্ৰত্যেক ৰাজনৈতিক দলে এতিয়া ব্যস্ত সভা সমিতিৰ জৰিয়তে ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ। ব্যতিক্ৰম নহয় ভাৰতীয় জনতা পাৰ্টী। শনিবাৰে আবেলি ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰ বজাৰ দূৰ্গা মন্দিৰ প্ৰঙ্গনত অনুষ্ঠিত হয় এক নিৰ্বাচনি সভা। সভাত মংগলদৈ লোক সমষ্টিৰ সাংসদ তথা ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ প্ৰাৰ্থী দিলিপ শইকিয়াক স্থানীয় ৰাইজ আৰু দলীয় কৰ্মীবৃন্দ জনায় উষ্ম আদৰণি। স্থানীয় মহিলা সকলে শাৰী পাতি ফুল ছটিয়াই,শঙ্খ আৰু উলু ধ্বনিৰে মঞ্চলৈ স্বাগতম জনায় প্ৰাৰ্থী গৰাকীক। জনোৱা হয় সম্বৰ্ধনা,লগে লগে সভা স্থলীত ভাৰতীয় জনতা পাৰ্টী জয় ধ্বনিৰে মুখৰিত হৈ পৰে আৰু বিভিন্ন ধ্বনিৰে কপাই তোলে।

ৰাইজৰ উৎসাহ আৰু উদ্দীপনা চাই আনন্দিত হৈ পৰে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ প্ৰাৰ্থী দিলিপ শইকীয়া আৰু কয় যে বৰঝাৰ মোৰ অতি প্ৰিয় ঠাই,বৰঝাৰত থকা পবিত্ৰ ভূমি বিৰেন্দ্ৰ নগৰ আশ্ৰমত বহু বাৰ আহিছোঁ। মোৰ কাৰ্যকালত বৰঝাৰত কেইবাটাও কাম কৰিছোঁ।মোদী চৰকাৰ সবকা সাথ সবকা বিকাশ কাম কাজত সন্তোষ্টি হৈছে ৰাইজ ।এইবাৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে মন খুলি যে বিজেপিক সমৰ্থন কৰিছে তাৰ ফলটো দেখিবলৈ পাম বুলি মন্তব্য কৰে । উন্নয়নৰ ৰাজনীতিত সংখ্যালঘু-সংখ্যাগুৰু সকলো ৰাইজ আকৃষ্ট হৈছে বুলি দাবী দিলীপ শইকীয়াৰ । সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে বি,পি,এফয়ে এইবাৰ গ’ল খাই বিছনাৰ পৰা উঠিব নোৱাৰা হ’ব। ৰাইজৰ আশিৰ্বাদত পোনৰ বাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত গঠন হ’ব।


শনিবাৰে অনুষ্ঠিত সভাত উপস্থিত থাকে ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী দিলিপ শইকীয়া লগতে উপস্থিত থাকে ইউ.পি.পি.এল দলৰ ৰৌতা পাৰিসদীয় সমষ্টিৰ কাৰ্যকাৰী সদস্য ড০ নীলুৎ স্বৰ্গীয়াৰী, ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি শান্তিষ কুজুৰ,ভাৰতীয় জনতা পাৰ্টীৰ পাঁচ নৈ ছেৰপাঙৰ পাৰিসদ দিপক মৌৰ,ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সদস্য জিতু কিষান,মাজবাট বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰীৰ তথা অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী সীমান্ত শেখৰ,দলগাওঁ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বিস্তাৰক প্ৰনৱ চৰকাৰ আদি কৰি ভাৰতীয় জনতা পাৰ্টী,অসম গন পৰিষদ আৰু ইউ.পি.পি.এল. এই তিনিও দলৰ বহু দলীয় কৰ্মীবৃন্দ আৰু সহস্ৰাধিক স্থানীয় ৰাইজ।

Leave A Reply