Breaking

গোসাঁইগাঁৱত বিপিএফৰ কৰ্মীসভাঃ উপস্থিত বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

0 69

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকটো ৰাজনৈতিক দলে সষ্টম হোৱাৰ সময়তে বিটিচি অঞ্চলত বিৰোধী দল বিপিএফ দলেও দলীয় স্থিতি শক্তিশালী কৰাৰ বাবে মাৰ বান্ধি থিয় দিছে।

সেই উপলক্ষে আজি গোসাঁইগাঁৱত বিপিএফ দলে কৰ্মীসভা অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিত এতিয়া কোনো পৰিবৰ্তন হোৱা নাই, বিটিচি ধ্বংস হে হৈ আছে।

তেওঁ আৰু কয় যে বিপিএফ দলে অহা লোকসভা নিৰ্বাচনত নতুনকৈ হব লগা কোকৰাঝাৰ আৰু ওদালগুৰী সমষ্টিত নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

সভাত দলটোৰ কেন্দ্ৰীয় পৰ্যায়ৰ অৰ্ধশতাধিক নেতা সহ পাঁচ সহস্ৰাধিক কৰ্মী উপস্থিত আছিল।

Leave A Reply