Breaking

ভূৰাগাঁৱৰ বালিডোঙ্গাত BPL নৈশ ক্ৰিকেট লীগ উদ্বোধন

0 1,572

মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডোঙ্গা এইচ এ বি উদ্যোগ প্ৰাঙ্গণত নিশা বালিডোঙ্গা ক্ৰিকেট ক্লাৱৰ উদ্যোগত BPL ক্ৰিকেট খেলৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয়৷ BPL লীগ ক্রিকেট খেলৰ শুভ উদ্বোধন কৰে ভূৰাগাঁও অঞ্চলৰ বিশিষ্ট সমাজ সেৱক তথা ইটা ভাটাৰ স্বত্বাধিকাৰী ৰফিকুল ইছলামে।

অৱশ্যে উদ্বোধনী অনুষ্ঠানত উক্ত লীগত অংশ গ্রহন কৰা ৮ টা ক্ৰিকেট দলৰ মালিক সকলৰ লগতে সকলো আমন্ত্রিত অতিথি সকল আৰু সাংবাদিক সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানটি পৰিচালনা কৰে উক্ত ক্ৰিকেট ক্লাৱৰ সম্পাদক ওৱাহিদুৰ ৰহমান বুলবুলে। পৰিচালনা সমিতিয়ে জনোৱা মতে চলিত লীগ ক্রিকেট খেলটি ১৮ জুলাইৰ পৰা ৭ আগষ্টলৈকে চুড়ান্ত ফাইনেল সহ মুঠ ৩১ টা খেল অনুষ্ঠিত হব। চুড়ান্ত ফাইনেল খেলত চেম্পিয়ন দলে লাভ কৰিব এখন সুুন্দৰ, আটক ধুনীয়া চেম্পিয়ন ট্ৰফিৰ লগতে নগদ ৫০,০০০/- ( পঞ্চাশ হাজাৰ টকা) আনহাতে পৰাজিত দল অৰ্থাৎ ৰাণাৰ্ছ আপ দলেও লাভ কৰিব এখন ট্ৰফীৰ ওপৰিও নগদ ৪০,০০০/- ( চল্লিশ হাজাৰ টকা )।

ইয়াৰ উপৰিও মেন অফ দা চিৰিজ, শ্ৰেষ্ঠ বলাৰ, শ্ৰেষ্ঠ ফিল্ডাৰ আৰু মেন অফ দা মেচৰ খিতাপ অৰ্জন কৰা সকলেও এখনকৈ ট্ৰফীৰ লগতে নিৰ্ধাৰিত অনুযায়ী নগদ ধনো লাভ কৰিব বুলি জানিব পৰা গৈছে। সকলোৰে জ্ঞাত যে বালিডোঙ্গা বুলি কলে মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতে অৱস্থিত, তেনে স্হলত গ্ৰীষ্মকালীন সময়ত আয়োজক সকলে স্হানীয় ৰাইজৰ বাবে এক সুন্দৰ মনোৰঞ্জন দিয়াৰ লগতে ক্ৰিকেটৰ প্ৰতি অলেখ জনপ্রিয়তাৰো সৃষ্টি কৰিলে। কোনে জানে হয়তো কালিলৈ এই সৰু লীগৰ পৰাই ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সুবিধা গ্রহণ কৰিব, অৱশ্যে তাৰ বাবে চিলাই বলৰ ক্ৰিকেট খেলৰ প্ৰয়োজন।

Leave A Reply