Breaking

৩ আৰু ৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪…

0 43

চাহ জনগোষ্ঠীৰ বৰেণ্য শিল্পী শিৱচৰণ দাস আৰু সদ্য প্ৰয়াত লোকশিল্পী কুমাৰ সুৰেশৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ উদেশ্যেৰে ডিব্ৰুগড় চহৰৰ সচেতন আৰু সামাজিকভাৱে দায়বদ্ধ কেইগৰাকীমান উদীয়মান যুৱকৰ উদ্যোগত অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪ শীৰ্ষক এক বনাৰ্ঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটিত ৪ ফেব্ৰুৱাৰী তাৰিখে যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক আৰু অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাৰ বেণ্ড দ্যা কাল্টিভেটৰ্চে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আনহাতে ৩ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী তথা পদ্মশ্ৰী দুলাল মানকি, ‘জ্যোতিৰূপা চিনে এৱাৰ্ড’ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী সুবিল বাগ ,নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কমল নাগ আৰু পপলিন ছত্ৰীয়া , অৰ্ঘদ্বীপ বৰুৱা আৰু ৰিত্ৰিশা শৰ্মায়ে সংগীত পৰিৱেশন কৰিব।

চাহ জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিক মূলতে লৈ প্ৰথমবাৰৰ বাবে আয়োজন‌ কৰা ব্ৰহ্মপুত্ৰ ফেষ্টিভেলে সাংস্কৃতিক চৰ্চা আৰু সমাজখনৰ শিল্পীসকলক বহুখিনি উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব। ইতিমধ্যে ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪ সফল কৰিবলৈ উদ্যোক্তাসকলে প্ৰতিখন চাহ বাগিছা আৰু বাগিচা অধ্যুষিত অঞ্চলত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। উক্ত অনুষ্ঠানলৈ সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি একান্তৰে কামনা কৰিছে ফেষ্টিভেল ২০২৪ ৰ উদ্যোক্তাসকলে।


উল্লেখ্য যে উক্ত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪ ত শিল্পীৰ লগতে বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক শিল্পীয়ে অংশ গ্ৰহণ কৰিব । সমগ্র অনুষ্ঠানটো পৰিচালনা কৰিব উদয়ণ দুৱৰা আৰু অনুস্কা কাশ্যপ য়ে।

Leave A Reply