Breaking

লাহৰীঘাটৰ মহমাৰী পথাৰত ব্ৰহ্মপুত্ৰৰ তাণ্ডবলীলা

0 1,043

ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি পোৱাৰ লগে লগে লাহৰীঘাটত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ ।লাহৰীঘাটৰ মহমাৰী পথাৰত যোৱা দুদিন ধৰি খহনীয়াই তাণ্ডৱলীলা আৰম্ভ কৰাত নৈ পৰীয়া লোকসকলৰ মাজত হাহাকাৰ লাগিছে। উল্লেখ্য যে যোৱা বৰ্ষত এই অঞ্চলত গৰাখহনীয়া হ্ৰাস পাইছিল আৰু নৈপৰীয়া ৰাইজে আশাৰ ৰেঙনি দেখিছিল ।কিন্তু বাৰিষাৰ পূৰ্বেই গৰাখহনীয়া আৰম্ভ হোৱাত নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে ।

এইদৰে খহনীয়া অব্যাহত থাকিলে বাৰিষাৰ পূৰ্বেই জল সম্পদ বিভাগে নিৰ্মান কৰা কেইবা কোটি টকীয়া মথাউৰি জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে ।বাৰিষাৰ পূৰ্বে এই অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্হা কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক আহ্বান জনাইছে স্হানীয় নৈপৰীয়াই।

Leave A Reply