Breaking

চতিয়াৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া,চপৰাচপৰে খহাইছে গৰা

0 1,025

চতিয়াৰ দক্ষিণাঞ্চলৰ শিঙিমাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ আৰাম্ভ হৈছে তীব্ৰ গৰাখহনীয়া।চপৰা চপৰে খহিছে গৰা। যোৱা তিনিটা দিন ধৰি ব্ৰহ্মপুত্ৰই অঞ্চলটোৰ সৃষ্টি কৰা গৰাখহনীয়াই অঞ্চলবাসী ৰাইজক চিন্তিত কৰি তুলিছে। বিগত সময়চোৱাত চতিয়াৰ এই অঞ্চলত গৰাখহনীয়াৰ কবলত পৰি বহু গাঁও নদীৰ বুকুত জাহ যোৱাৰ পাছত এইবেলিও গৰাখহনীয়াৰ সৃষ্টি হৈ ব্ৰহ্মপুত্ৰ নদী পানপুৰ বিশ্বনাথ মথাউৰিৰ কাষ চাপি অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

উল্লেখ্য যে বিগত সময়ত চতিয়াৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে কোটি কোটি টকাৰ আচঁনি গ্ৰহণ কৰা হৈছিল যদিও গৰাখহনীয়া সমস্যাৰ সমাধান ন’হল। শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্হানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

Leave A Reply