Breaking

দেৰগাঁৱৰ ললিতি মুখত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, নিমাতী বংকোৱাল সংযোগী ই এন ডি মাঠাউৰিৰ প্ৰতি ভাবুকি

0 1,533

ৰাজ্যত ক’ৰনা মহামাৰীৰ ফলত একপ্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰাৰ মাজতে নৈ পৰীয়া ৰাইজৰ মাজত খহনীয়াই লৈছে ব্যাপক ৰূপ। অন্য প্ৰান্তৰ লগতে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ললিতি মুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি দৈনিক বিঘাই বিঘাই কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে।বিগত বৰ্ষত অঞ্চলটিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈ বহু কেইটা পৰীয়ালৰ কৃষি ভূমিৰ লগতে ঘৰ বাৰী উছন কৰি বহু কেইটা পৰিয়ালৰ মাজলৈ অমানিশা কঢ়িয়াই আনিছিল।খহনীয়া ই এন ডি মাঠাউৰিৰ কাষ পোৱাত টি এম পি কে ধৰি বহু কেইটা দল সংগঠনৰ দাবীত চৰকাৰী ভাৱে সেই স্থানত জিঅ বেগ স্থাপন কৰাত কিছু পৰিমাণে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হল যদিও কাষৰে অন্য এটি অংশত পুনৰ খহনীয়াই  তীব্ৰ ৰূপ ধাৰণ কৰিছে।নৈ পৰীয়া অঞ্চলটিৰ ৰাইজে কৃষিকে সাৰথি কৰি সুখ দুখৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু শেহতীয়াকৈ কৃষি ভূমি খিনি নদীৰ বুকুত জাহ যোৱাত ভৱিষ্যত অন্ধকাৰ দেখিছে অঞ্চলবাসীয়ে।ইফালে নৈ পৰীয়া অঞ্চলটোৰ বাবে বাৰিষা কালত নিমাতীৰ পৰা বংকোৱাল সংযোগী ই এন ডি মঠাউৰিটোৱেই হল একপ্ৰকাৰ ৰক্ষা কৱছ স্বৰূপ।ভৰ বাৰিষাৰ সময়ত এই মাঠাউৰিটোৰ আশ্ৰয়তে পশুধন সমুহৰ জীৱন ৰক্ষা কৰাৰ লগতে হঠাতে আহি নদীৰ বাঢ়নী পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱা বহু কেইখন গাঁৱৰ বাবে মাঠাউৰিটোৱেই হল বাৰিষা কালৰ বাবে প্ৰান কেন্দ্ৰ।উল্লেখ্য যে এই মাঠাউৰিটো ছিঙিবলৈ হ’লে ললিতিকে ধৰি খকণ্ডগুৰি, বৰচাপৰি, বাঁহফলা, গৰুমৰা, গেন্ধালী, নেউল গাঁও, বৰমুকলি, ধোদাং আদি শতাধিক গাঁৱৰ ক্ষতিসাধন হোৱাৰ লগতে দেৰগাঁও নগৰলৈকে ভাৱুকি কঢ়িয়াই আনিব।তেনেস্থলত বাৰিষাৰ প্ৰথম ভাগতে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত দিক বিদিক হেৰুৱাইছে অঞ্চলবাসীয়ে।অঞ্চলবাসীয়ে খহনীয়া প্ৰতিৰোধৰ এটি স্থায়ী সমাধান বিছাৰি বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন নিবেদন কৰিছে যদিও কোনো সুফল পোৱা নাই আজিলৈকে।অঞ্চলটোৰ এই দুৰ্যোগৰ সময়ত আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংগঠন ফাৰ্ম টু ফুড ফাউণ্ডেচন।ফাৰ্ম টু ফুড ফাউণ্ডেচনৰ অন্যতম বিষয়ববীয়া বাসুদেৱ দলেৰ তত্বাবধানত অঞ্চলটিত দিনে নিশাই চলিছে খহনীয়া প্ৰতিৰোধৰ কাম। ফাৰ্ম টু ফুড ফাউণ্ডেচনৰ উদ্যোগত খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজৰ সহযোগ লৈ নিৰ্মাণ কৰি উলিয়াইছে ড্ৰেগন আকৃতিৰ বাঁহেৰে নিৰ্মিত পাৰ্কোপাইন। পদ্ধতিগত ভাৱে বাঁহেৰে নিৰ্মিত এই পাৰ্কোপাইনৰ দ্বাৰা কিছু পৰিমাণে হ’লেও খহনীয়া প্ৰতিৰোধ কৰিব পৰা হ’ব বুলি ৰাইজ আশাবাদী যদিও কিমান দুৰ সফল হ’ব সেইয়া সময়েহে নিশ্চিত কৰিব।অঞ্চলটোৰ এই বিপদৰ সময়ত ফাৰ্ম টু ফুড ফাউণ্ডেচনে নৈ পৰীয়া ৰাইজৰ কাষত থাকি আগবঢ়োৱা কাম কাজক শলাগ লয় স্থানীয় ৰাইজে ।আনফালে স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে বৰ্তমানলৈকে অঞ্চলটি এবাৰো পৰিদৰ্শন নকৰাক লৈ স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰে। ৰাইজে অতি শীঘ্ৰে বিধায়ক গৰাকীক অঞ্চলটো পৰিদৰ্শন কৰি  খহনীয়া প্ৰতিৰোধৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave A Reply