Breaking

তেজপুৰত পুখুৰী খান্দোতে ওলাল কাঁহৰ সামগ্ৰী

0 109

তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ ডেকা চুবুৰীত শনিবাৰে এটা পুখুৰী খান্দি থকা অৱস্থাত কিছুসংখ্যক কাঁহৰ সামগ্ৰী উদ্ধাৰ হোৱাকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

উল্লেখযোগ্য যে,অঞ্চলটোৰ প্ৰয়াত দিংৰা বাঘোৱাৰৰ পুত্ৰ গণ্ডাল বাঘোৱাৰে তেওঁলোকৰ ম্যাদী ভূমিত এটা পুখুৰী খননৰ পৰিকল্পনা কৰে আৰু সেই মতে যোৱা তিনিদিন ধৰি পুখুৰীটো খননৰ কাম আৰম্ভ কৰে৷

আজি দুপৰীয়া খনন চলোৱাৰ সময়তে মাটিৰ প্ৰায় চাৰিফুট তলত কাঁহৰ ঠালি, বাতি, ঘটিকে ধৰি বিভিন্ন সামগ্ৰী ওলোৱাত স্থানীয় লোকসকল স্তম্ভিত হৈ পৰে৷

উল্লেখযোগ্য যে, এই সামগ্ৰীসমূহ কেতিয়াৰ সেয়া কোনেও নজনাৰ লগতে এনেদৰে কি পৰিস্থিতিত পুতগৈ আছিল সেইলৈয়ো কৌতুহলৰ সৃষ্টি হৈছে৷ সম্প্ৰতি এই সামগ্ৰীসমূহ সেই স্থানতে মজুত কৰি ৰাখিছে ৰাইজে৷

Leave A Reply