Breaking

সুস্মিতা সেনৰ সৈতে ব্ৰেকআপ কৰাটোৱে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্তঃ ৰনদীপ হুডা

0 48

২০০৬ চনৰ পৰাই সুস্মিতা সেনৰ সৈতে জড়িত হৈ পৰিছিল ৰনদীপ হুডা। প্ৰায় তিনি বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল। কিন্তু ২০০৯ চনত দুয়োগৰাকী তাৰকাই পৃথক হোৱাৰ সিদ্ধান্ত লয়।২০২৩ চনৰ নৱেম্বৰ মাহত অভিনেতাজনে দীৰ্ঘদিনীয়া প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু তেওঁৰ সৈতে সুস্মিতা সেনৰ সম্পৰ্কক লৈ এতিয়াও চৰ্চা চলি আছে। কেইবাবছৰ ধৰি সুস্মিতাৰ সৈতে সম্পৰ্কত আছিল ৰনদীপৰ। অৱশ্যে অভিনেতাজনে দাবী কৰিছিল যে তেওঁলোকৰ ব্ৰেকআপটোৱেই তেওঁৰ জীৱনৰ ‘শ্ৰেষ্ঠ মুহূৰ্ত’।


২০০১ চনত ‘মন্সুন ৱেডিং’ ছবিত অভিনয় কৰি ৰনদীপে ডাঙৰ পৰ্দাত ভৰি দিয়ে। তাৰ আগতে তেওঁ মডেল হিচাপে জনপ্ৰিয় আছিল। ‘ডি’, ‘দৰ্না উতনি হায়’, ‘ৰিস্ক’, ‘ৰুবাৰু’, ‘লাভ খিচদি’ নামৰ কেইবাখনো হিন্দী ছবিত অভিনয় কৰা দেখা যায় ৰনদীপক। ২০০৯ চনলৈকে কেইবাখনো ছবিত অভিনয় কৰিলেও বক্স অফিচত ৰনদীপৰ এখনো ছবিয়ে সঁহাৰি দিব নোৱাৰিলে। ২০১০ চনৰ পৰা আৰম্ভ হৈছিল অভিনেতা গৰাকীৰ কেৰিয়াৰৰ দ্বিতীয় পৰ্যায়। এই পৰ্যায়ত তেওঁ কম বেছি পৰিমাণে সফলতা দেখা পায়। আনহাতে সুস্মিতাৰ সৈতে ব্ৰেকআপৰ বিষয়ে এটা পুৰণি সাক্ষাৎকাৰত ৰনদীপে কয় যে জীৱনত তেওঁ মাত্ৰ এবাৰহে নাটকৰ আখৰালৈ যাব নোৱাৰিলে। ৰণদীপে দাবী কয় যে সুস্মিতাইহে তেওঁক নাটকৰ আখৰালৈ যাবলৈ মানা কৰিছিল। প্ৰেয়সীৰ কথা শুনি তেওঁ তালৈ যোৱা নাছিল বুলি অভিনেতাজনে কয়। এই সিদ্ধান্তক তেওঁ নিজৰ জীৱনত লোৱা অন্যতম ভুল সিদ্ধান্ত বুলি গণ্য কৰে।



এক সাক্ষাৎকাৰত ৰনদীপে কয়, ‘সুস্মিতাৰ সৈতে ব্ৰেকআপ কৰাটো মোৰ জীৱনৰ সৰ্বোত্তম কাম। তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক আছিল। কিন্তু মই ডাঙৰ তাৰকা নাছিলোঁ।” ৰনদীপে দাবী কৰে যে সুষ্মিতাৰ সৈতে সম্পৰ্কত থকাৰ সময়ত তেওঁ বহু সময় নষ্ট কৰিছিল। অভিনেতাগৰাকীৰ মতে, ‘আগতে মই সম্পৰ্কত বহু সময় কটাওঁ। ব্ৰেকআপৰ পিছত নিজৰ বাবে সেই সময়খিনি পাইছিলোঁ। সেই সময়খিনি মই ভাল কামত কটালোঁ। সুস্মিতাৰ সৈতে হঠাৎ কিয় ব্ৰেকআপ কৰিলে বুলি সোধাত ৰনদীপে কয়, আমাৰ সম্পৰ্কৰ সময়ছোৱাত আমাৰ মাজত কোনো ধৰণৰ সমস্যা হোৱা নাছিল। কিন্তু দুয়োৰে মাজত দূৰত্ব আছিল। বিচ্ছেদৰ পিছত কোনেও কাৰো বিৰুদ্ধে কোনো ক্ষোভ ৰাখিব পৰা নাছিল।”


২০১০ চনৰ পৰা ‘ৱান্স আপন এ টাইম ইন মুম্বাই’, ‘চাহেব, বি বি আৱাৰ গেংষ্টাৰ’, ‘জন্নত ২’, ‘জিছম ২’, ‘হিৰোইন’, ‘মাৰ্ডাৰ ৩’, ‘ৰং ৰছিয়া’, ‘জন ডে’, ‘ বম্বে টকীজ’, ‘হাইৱে’, ‘কিক’, ‘উংলি’, ‘লাল ৰং’, ‘সৰ্বজিত’, ‘চুলতান’, ‘ৰাধে’, ‘বাঘী ২’ আদি বহু হিন্দী ছবিত অভিনয় কৰিছে ৰনদীপে। কেৱল হিন্দী ছবিতে নহয়, ইংৰাজী ভাষাৰ ছবিতো অভিনয় কৰিছে ৰনদীপে।


Leave A Reply