Breaking

দলঙৰ পৰা বাহন পৰি বিজেপি বিধায়কৰ পুত্ৰসহ ৭ শিক্ষাৰ্থীৰ মৃত্যু

0 2,034

মহাৰাষ্ট্ৰৰ চেলচুৰাৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত এজন বিজেপি বিধায়কৰ পুত্ৰসহ সাতগৰাকী শিক্ষাৰ্থী মৃত্যু হয়৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰৰ এখন দলঙৰ ওপৰৰ পৰা গাড়ীখন পৰি যোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ এই দুৰ্ঘটনাত বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আ ৰাহাংদালেকে ধৰি সাতজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হয়৷

আৰক্ষীৰ জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন পৰি গৈছিল। আৰক্ষী অধীক্ষক ৱাৰ্ধাৰ প্ৰশান্ত হোলকাৰৰ মতে যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত থকা লোকসকলক ৱাৰ্ধাৰ চাৱাংগী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল চূড়ান্ত বৰ্ষৰ এমবিবিএছ ছাত্ৰ, আবিষ্কাৰ ৰাহাংডেল আৰু পৱন শক্তি প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ আৰু নীতেশ সিং এজন চিকিৎসা বিজ্ঞানৰে শিক্ষাৰ্থী আছিল৷

Leave A Reply