Breaking

ব্ৰীজভূষণৰ অনুগতৰ জয়লাভঃ প্ৰতিবাদ জনাই মল্লযুঁজৰ পৰাই অৱসৰ ল’লে সাক্ষী মালিকে…

0 35

প্ৰতিবাদৰ জুইকুৰা যেন উমি উমি জ্বলি আছে মল্লযোদ্ধাৰ মনত। পুনৰ তাৰেই বহিঃ প্ৰকাশ ঘটিল। একাংশ মল্লযোদ্ধা যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভাৰতীয় মহিলা মল্লযোদ্ধাই অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ আদায় কৰিছিল দেশবাসীৰ প্ৰভূত সমৰ্থন আৰু সহযোগিতা৷ কিন্তু, মূৰকত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল তেওঁলোক৷ এতিয়া ব্ৰীজভূষণৰ অনুগতক ভাৰতীয় মল্লযুদ্ধ ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত কৰাত ক্ষোভত ফাটি পৰিছে সাক্ষী মালিক, ভিনেশ ফোগাট আৰু বজৰং পুনিয়া৷

ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী সাক্ষী মালিক আজি এখন সংবাদমেলক আৱেগিক হৈ পৰা দেখা গ’ল৷ সাক্ষীয়ে কয় যে তেওঁ মল্লযুদ্ধৰ কেৰিয়াৰ ত্যাগ কৰিবলৈ গৈ আছে৷ ব্ৰীজভূষণ শৰণ সিঙৰ অনুগত সঞ্জয় সিঙে ৰেছলিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবেও সাক্ষীয়ে হতাশা ব্যক্ত কৰে।বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত বহুপ্ৰতীক্ষিত ডব্লিউএফআই নিৰ্বাচনত সঞ্জয় সিঙে কমনৱেলথ গেমছৰ প্ৰাক্তন স্বৰ্ণপদক বিজয়ী অনিতা শ্বেওৰানক ভোটত পৰাস্ত কৰে। সাক্ষীয়ে লগতে কয় যে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্ৰীজভূষণ শৰণ সিঙৰ পৰিয়াল আৰু ঘনিষ্ঠ সহযোগীসকলক অনুমতি নিদিয়াৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ে মল্লযোদ্ধাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। সাক্ষীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ মল্লযুদ্ধ ফেডাৰেচনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় সিং ব্ৰীজভূষণ শৰণ সিঙৰ সোঁহাত। টকিঅ’ অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াৰ সৈতে সংবাদমেল সম্বোধন কৰা সাক্ষী মালিক ভাগি পৰে৷ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অশ্ৰুধাৰা৷

Leave A Reply