Breaking

মণিপুৰলৈ শান্তি ঘূৰাই আনক-মণিপুৰী সমন্বয় সমিতি, গুৱাহাটী

0 92

গুৱাহাটীৰ মণিপুৰী সমন্বয় সমিতি, গুৱাহাটীত অধ্যয়ন কৰা মণিপুৰী ছাত্ৰ-ছাত্ৰীকে ধৰি গুৱাহাটীত বসবাস কৰা মণিপুৰী সম্প্ৰদায়ে মণিপুৰত চলি থকা অস্থিৰতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে।


২০২৩ চনৰ ৩ মে’ত মণিপুৰৰ পাহাৰীয়া জিলাসমূহত এক গণ সমাৱেশৰ আয়োজন কৰা হয় আৰু তাৰ পিছত স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰে ভাঙি-ছিঙি তাত থকা বিলুপ্তপ্ৰায় মীতেই জনগোষ্ঠীক লক্ষ্য কৰি জাতিগত সংঘৰ্ষত লিপ্ত হয়।


আশংকা কৰা হৈছে যে এহেজাৰৰো অধিক ঘৰ জ্বলি যোৱাৰ লগতে আজিলৈকে এশতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে।
মণিপুৰ ৰাজ্যৰ এই অশান্তিৰ মুহূৰ্তত অসমত বিশেষকৈ গুৱাহাটীত বসবাস কৰা মণিপুৰী ৰাইজে জাতিগত আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বৰ্বৰ কাৰ্যক গৰিহণা দিয়ে।

মণিপুৰী সমন্বয় সমিতি, গুৱাহাটীৰ প্ৰচাৰ সম্পাদকে কয়-“আমি ইয়াৰ লগত জড়িত অপৰাধীসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছো আৰু সেই অনুসৰি শাস্তি দিবলৈ অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আমি সকলো অংশীদাৰক আহ্বান জনাইছো”।

উল্লেখ্য যে ৰাজ্যখনৰ মেইটেই জাতিয়ে তেওঁলোকক অনুসূচীত জনজাতি (এঠ টি) মৰ্যদা প্ৰদানৰ বিৰু্‌দ্ধে বুধবাৰে এক প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদৰ মাজতে দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ ।

তেতিয়াৰে পৰা অস্থিৰ হৈ আছে মণিপুৰ । বিষয়টো সন্দৰ্ভত মনিপুৰ উচ্চ ন্যায়ালয়ে চৰকাৰক বিবেচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

Leave A Reply