Breaking

এয়া পুনৰ মিলনৰ কাহিনী। ৭৮বছৰৰ পাছত আকৌ দেখা দেখি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই শেষ দেখা।

0 103

চিনেমাৰ দৰে এক সঁচা প্ৰেম কাহিনী। ৭৮ বছৰৰ পাছত যেন পূূৰ্ণতা পালে এটি অসাধাৰণ প্ৰেম কাহিনীয়ে! যি আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ৭৮ বছৰৰ পাছত ৰেগে নামৰ এজন ইংৰাজ লোকে সেই ফৰাচী ছোৱালীজনীক লগ পায়, যাৰ ছবি তেওঁ মানিবেগত ৰাখি থৈছিল। দুয়োৰে প্ৰথম সাক্ষাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হৈছিল।
১৯৪৪ চনত,ব্ৰিটিছ সৈন্য ৰেগ পাই ফ্ৰান্সৰে নৰ্মাণ্ডি বীচৰ ওচৰত তেওঁৰ এটা গোটৰ সৈতে নিয়োজিত আছিল। সেই সময়তে ৰেগে এজনী ছোৱালী দেখিছিল।ৰেগে ছোৱালীজনীলৈ এখন ব্ৰেড আগবঢ়াই দিছিল, ব্ৰেডত জাম লগাই থোৱা আছিল।
ৰেগে জানিবলৈ দিয়া মতে যুৱতীগৰাকীয়ে ব্ৰেড লোৱা নাছিল আৰু সেই সময়তে যুৱতীগৰাকী ওচৰতে থকা গীৰ্জালৈ দৌৰি যোৱাৰ কথা তেওঁৰ মনত আছে। এই যুৱতীগৰাকীৰ নাম আছিল হুগেট।

Love Story: द्वितीय विश्व युद्ध के दौरान शुरू हुई एक अधूरी प्रेम कहानी जो 78 साल बाद हुई 'पूरी'

ৰেগেই কৈছিল যে ‘প্ৰথম সাক্ষাতৰ পাছদিনা মই ৰাতিপুৱা একে ঠাইতে উপস্থিত হৈছিলোঁ। আৰু আচৰিত যে হুগেটো সেই ঠাইলৈ আহিছিল। মই তেতিয়া হুগেটৰ এখন ফটো উঠাইছিলো। সেই ফটোখন মই মোৰ মানিবেগত সদায়ে ৰাখিছিলো। কিবা যেন অজান এক ভালপোৱা জাগি উঠিছিল তেওঁৰ মনত।’

কিন্তু তাৰ পিছত তেওঁলোকে কেতিয়াও আৰু ইজনে সিজনক লগ পোৱা নাছিল। কিন্তু যোৱা ৭৮ টা বছৰ ধৰি ৰেগেই হুগেটক আকৌ এবাৰ লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছিল বুকুত।
সেয়েহে ২০১৫ চনৰ পাছত ৰেগে তেওঁৰ পুত্ৰৰ সহায়ত হুগেটক বিচাৰি উলিয়াবলৈ চেষ্টা আৰম্ভ কৰিছিল। আৰু অৱশেষত ৭৮ টা বছৰৰ পাছত ৰেগে হুগেটক লগ পাইছিল। ৰেগেই তেতিয়া হুগেটক এখন অস্পষ্ট ফটো দেখাইছিল। নিজৰ ফটোখন দেখি হুগেট আচৰিত হৈছিল। কাৰণ সেই ফটোখন তেওঁলোকৰ প্ৰথম সাক্ষাতৰ সময়ৰে আছিলে। তাৰ পিছতে হুগেট আৱেগিক হৈ পৰিছিল। প্ৰথম সাক্ষাৎকাৰ মনত পেলাবলৈ ৰেগেই লগত ব্ৰেড লৈ আহিছিল। ব্ৰেডৰ ওপৰত জাম আছিল। তেওঁ সেয়া হুগেটলৈ আগবঢ়াই দিলে, কিন্তু হুগেটে প্ৰথম সাক্ষাতৰ দৰেই এইবাৰো ল’বলৈ অস্বীকাৰ কৰিলে।
হুগেটে এটা কথা ভাবি আৱেগিক হৈ পৰিল যে ৰেগে ইমান বছৰৰ পাছতো তেওঁক বিচাৰি আহিছে, যাক তেওঁ জীৱনত এবাৰহে লগ পাইছিল। উল্লেখ্য যে দুয়ো কথা পাতিবৰ বাবে অনুবাদক নিয়োগ কৰিবলগীয়া হৈছিল। কাৰণ ইজনে সিজনৰ ভাষা বুজি পোৱা নাছিল। এনেদৰে জীৱনৰ ভাটি বেলাত লগ পাই আৱেগিক হৈ দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। হুগেটে হাঁহি হাঁহি ধেমালিৰ সুৰত কয় যে এতিয়া তেওঁলোকৰ বিয়া হ’ব লাগিব। ৰেগেও হাঁহি হাঁহি ধেমালিতে উত্তৰ দিয়ে যে ‘মই বিয়াৰ বাবে সাজু।’

Leave A Reply