Breaking

নৃশংস: যুৱতীক অমানৱীয় অত্যাচাৰ,ধৰ্ষণ একাংশৰ

0 2,123

ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে এক ভিডিঅ’ । এগৰাকী যুৱতীক কেইজনমান যুৱক সহিত এগৰাকী যুৱতীয়ে চলাইছে অমানৱীয় অত্যাচাৰ।অৱশ্যে এই ভিডিঅ’ ক’ত, কেতিয়া সংঘটিত হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এই ভিডিঅ’ই কঁপাই গৈছে দেশ।ভিডিঅ’টিত হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ’ উত্তৰ পূৰ্বাঞ্চলৰ বুলি সন্দেহ কৰিছে একাংশই।ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছে যে একাংশ যুৱক আৰু এগৰাকী যুৱতীয়ে অতি নিষ্ঠুৰভাবে এগৰাকী যুৱতীক প্ৰহাৰ কৰিছে। কেৱল ইমানেই ক্ষান্ত নাথাকি যুৱতী গৰাকীৰ কাপোৰ খুলি অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰে। মানৱীয়তাক লজ্জিত কৰি যুৱতী গৰাকীৰ যৌনাংগত সোমাই দিয়ে সুৰাৰ বটল।এই ভিডিঅ’ই কঁপাই গৈছে দেশ। কিয় বাৰে বাৰে এনে জঘন্য ঘটনা সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে অচিনাক্ত লোকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। লগতে অভিযুক্তৰ পৰিচয় দিয়াক পুৰস্কাৰৰ ঘোষণা কৰিছে।

Leave A Reply